ভাৰতৰ মিজো জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য From Wikipedia, the free encyclopedia
মিজো খাদ্য বা মিজো খাদ্যাভ্যাস হৈছে মিজো জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যাভ্যাস আৰু ৰন্ধনপ্ৰণালী। মিজোসকলে পৰম্পৰাগতভাৱে মূল আহাৰ হিচাপে ভাত খায়।
মিজোৰামৰ খাদ্য উত্তৰ-পূব ভাৰত আৰু উত্তৰ ভাৰতৰ অন্যান্য অঞ্চলৰ সৈতে একে। মিজোৰামৰ প্ৰধান খাদ্য চাউল যদিও মিজোসকলে প্ৰতিবিধ আহাৰত আমিষ উপাদান পছন্দ কৰে। মাছ, কুকুৰা, গাহৰি আৰু গৰুৰ মাংস মিজোসকলৰ মাজত জনপ্ৰিয়। এই খাদ্যসমূহ যিকোনো প্ৰকাৰৰ তেলত ৰন্ধা হয়। খাদ্যসমূহ কম তেল আৰু অধিক শাক-পাচলিৰে সমৃদ্ধ। অধিকাংশ মিজো লোকে চাউল বা ভাতৰ সৈতে শাক-পাচলি খাই ভাল পায়। কিন্তু যুৱ প্ৰজন্মই ভজা আৰু মচলাযুক্ত খাদ্য পছন্দ কৰে। অন্যান্য সংস্কৃতিৰ খাদ্যও যুৱসমাজৰ মাজত জনপ্ৰিয়। তেওঁলোকৰ এক জনপ্ৰিয় খাদ্য হ'ল বেই। ইয়াক শাক-পাচলিৰ পৰা তৈয়াৰ কৰা হয়। অন্যান্য জনপ্ৰিয় খাদ্য হৈছে বেকং (কিণ্বিত ছয়াবীন) আৰু ছা-উম (কিণ্বিত গাহৰিৰ মাংস)। এইসমূহ ভাতৰ সৈতে পৰিৱেশন কৰা হয়। ছাচিয়াৰ নামৰ আন এবিধ খাদ্য চাউলৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াক গৰু, গাহৰি বা কুকুৰাৰ মাংসৰ সৈতে প্ৰস্তুত কৰা হয়।[1][2]
মিজো জনগোষ্ঠীৰ প্ৰধান খাদ্য হ'ল ভাত আৰু ইয়াক মাংস আৰু শাক-পাচলি, বেই, নিৰামিষ ষ্টু, তিল, নহৰু, পিঁয়াজ আৰু শাকেৰে সৈতে ৰন্ধা আমিষ ষ্টু আদিৰ সৈতে পৰিৱেশন কৰা হয়।[3]
মিজো মধ্যাহ্ন ভোজন ঘৰে ঘৰে ভিন্ন হ'ব পাৰে। মধ্যাহ্ন ভোজনৰ সময়ত খোৱা কিছুমান বস্তু হ'ল-
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.