From Wikipedia, the free encyclopedia
মালৱাই গিদ্ধা (পঞ্জাবী: ਮਲਵਈ ਗਿੱਧਾ) হৈছে পঞ্জাৱৰ মালৱা অঞ্চলৰ পুৰুষৰ লোকনৃত্য।[1][2][3][4][5] এই নৃত্যটো প্ৰথমে বাবেই (বয়সিয়াল)-ৰ দ্বাৰা পৰিবেশন কৰা হৈছিল আৰু সেয়েহে ইয়াক বাবেয়ান দা গিদ্ধা বুলিও কোৱা হয় যদিও বৰ্তমান এই নৃত্যটো কম বয়সৰ পুৰুষেও পৰিবেশন কৰে। ইয়াৰ ভিতৰত বোলিয়ান (লোক কবিতা)ত আন্য লোকক জোকোৱা বৈশিষ্ট্যও অন্তৰ্ভুক্ত আছে। এই নৃত্যৰ উৎপত্তি পঞ্জাৱ অঞ্চলৰ মালৱা অঞ্চলত হৈছিল আৰু ইয়াৰ সৈতে মুক্তসাৰ, বাথিণ্ডা, ফৰিদকোট, সংগ্ৰুৰ, ফিৰোজপুৰ, মানছা আৰু পাটিয়ালা জিলাৰ সম্পৰ্ক আছে।[1]
মালৱাই গিদ্ধাত ব্যৱহৃত বাদ্যযন্ত্ৰ কেৱল দেখুৱাবলৈকে ব্যৱহাৰ নহয় বৰঞ্চ এজন পৰিবেশকে ইয়াক নিৰ্দিষ্ট ছন্দত বজাব লাগে তথা সেইটো কঢ়িয়াই ফুৰাৰ উপায়ো জানিব লাগিব।
সৰ্বাধিক ব্যৱহৃত বাদ্যযন্ত্ৰসমূহ হ'ল:
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.