মাণিকে মাগে হিথে হৈছে যোহানী আৰু সতীশান ৰথনায়কৰ শ্ৰীলংকাৰ সিংহল ভাষাৰ এটি গীত।[1][2]

ক্ষিপ্ৰ তথ্য "মাণিকে মাগে হিথে (මැණිකේ මගේ හිතේ)", যোহানী, সতীশান ৰথনায়ক আৰু চামথ সংগীত-ৰ গীত ...
"মাণিকে মাগে হিথে (මැණිකේ මගේ හිතේ)"
যোহানী, সতীশান ৰথনায়ক আৰু চামথ সংগীত-ৰ গীত
ভাষা সিংহলী
মুক্তি পায় *জুলাই ২০২০ (মূল মিউজিক ভিডিঅ’)
  • ২২ মে’ ২০২১(কভাৰ)
বাণীবন্ধন হয় ২০২১
ষ্টুডিঅ’ চি মিউজিক ষ্টুডিঅ' শ্ৰীলংকা
লেবেল চি মিউজিক, আৰ্য়ান মিউজিক, বনফায়াৰ বাই বাইডিয়া
সুৰকাৰ চামথ সংগীত
গীতিকাৰ দুলান এ আৰ এক্স
প্ৰযোজক চামথ সংগীত
সংগীত ভিডিঅ’
"Manike Mage Hithe" ইউটিউবত
বন্ধ কৰক

গীতটোৰ এটা অফিচিয়েল কভাৰ যোহানী আৰু সতীশানে প্ৰস্তুত কৰি ২০২১ চনৰ ২২ মে'ত মুক্তি দিছিল।[3] গীতৰ কথা লিখিছিল দুলান এ আৰ এক্সে। তিনিমাহত ইউটিউবত এই কভাৰ গীতটোৱে ১৯ কোটি দৰ্শন অতিক্ৰম কৰিছিল। গীতটো কেইবাটাও ভাষাত ডাব কৰা হৈছিল। গীতটোৱে সমগ্ৰ দক্ষিণ এছিয়াৰ লগতে বিশ্বজুৰি চৰ্চ্চা লাভ কৰিছিল।[4][5][6]

ভিডিঅ' গীতটোৱে শ্ৰীলংকাত প্ৰথমটো বৃহৎ অগ্ৰগতি মূলক ভাইৰেল মাৰ্কেটিঙৰ সূচনা কৰে।[7]

অন্তৰালৰ কাহিনী

মূল

২০২০ চনত ক'ভিড-১৯ মহামাৰীৰ লকডাউনৰ সময়ত জুলাই মাহত শ্ৰীলংকাৰ চামথ সংগীতে প্ৰযোজনা কৰিছিল মূল গীত মাণিকে মাগে হিথে। মূল গীতটোৰ পৰিচালক আছিল হাচিথ আৰিয়ান আৰু কণ্ঠদান কৰিছিল সতীশান আৰু দুলান এ আৰ এক্সে। ২০২১ চনৰ ২২ মে'ত শ্ৰীলংকাৰ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ইউটিউবত এই কভাৰ গীতটো আপলোড কৰা হৈছিল।[8][9]

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.