ভাৰত মহাসাগৰৰ দ্বীপ From Wikipedia, the free encyclopedia
মাদাগাস্কাৰ (ইংৰাজী: Madagascar), আনুষ্ঠানিক নাম মাদাগাস্কাৰ গণৰাজ্য, ভাৰত মহাসাগৰত অৱস্থিত এক দ্বীপ ৰাষ্ট্ৰ। ই আফ্ৰিকাৰ পূৱ উপকূলৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ (২৫০ মাইল) দূৰত অৱস্থিত। ৫,৯২,৮০০ বৰ্গ কিলোমিটাৰ (২,২৮,৯০০ বৰ্গ মাইল) মাটিকালিৰে মাদাগাস্কাৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দ্বীপ ৰাষ্ট্ৰ।[6] এই দ্বীপ ৰাষ্ট্ৰখন মাদাগাস্কাৰ নামৰ মূল দ্বীপ আৰু অসংখ্য সৰু সৰু দাঁতিকাষৰীয়া দ্বীপেৰে গঠিত। প্ৰাক-ঐতিহাসিক কালৰ গণ্ডৱানা মহাদেশৰ বিচ্ছেদৰ সময়ত, মাদাগাস্কাৰ প্ৰায় ৮.৮ কোটি বছৰ পূৰ্বে ভাৰতীয় উপমহাদেশৰ পৰা বিভক্ত হয়, যাৰ ফলত দেশখনৰ থলুৱা উদ্ভিদ আৰু প্ৰাণীসমূহ আপেক্ষিকভাৱে আন অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ বিকশিত হয় আৰু মাদাগাস্কাৰক এক জৈৱবৈচিত্ৰৰ ৰম্যভূমিত পৰিণত কৰে। মাদাগাস্কাৰৰ ৯০%-ৰো অধিক বন্যজীৱন পৃথিৱীতে আন ক'তো পোৱা নাযায়। দ্ৰুত বৰ্ধমান মানুহৰ জনসংখ্যা আৰু অন্যান্য পৰিৱেশজনিত ভাবুকিৰ ফলত বৰ্তমানে ৰাষ্ট্ৰখনৰ পৰিৱেশ তন্ত্ৰ আৰু বন্যজীৱন সংকতৰ সম্মুখীন হৈছে।
মাদাগাস্কাৰ গণৰাজ্য
|
||||||
---|---|---|---|---|---|---|
নীতিবাক্য
|
||||||
ৰাষ্ট্ৰীয় সঙ্গীত Ry Tanindrazanay malala ô! অ' আমাৰ পূৰ্বপুৰুষৰ মৰমৰ ভূমি! |
||||||
মাদাগাস্কাৰৰ অৱস্থান (গাঢ় নীলা) – আফ্ৰিকাৰ মেপত (পাতল নীলা & গাঢ় ধোঁৱা-বৰণ) |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | এণ্টানানাৰিভ' | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | Page সাঁচ:Hlist/styles.css has no content.
|
|||||
জাতীয়তাসূচক বিশেষণ | মালাগাছি[2][3] | |||||
চৰকাৰ | একক অৰ্ধ-ৰাষ্ট্ৰপতি সাংবিধানিক গণৰাজ্য | |||||
স্বাধীনতা | ||||||
- | ফ্ৰান্সৰ পৰা | ২৬ জুন ১৯৬০ | ||||
- | বৰ্তমানৰ সংবিধান | ১৭ নৱেম্বৰ ২০১০ | ||||
মাটিকালি | ||||||
- | মুঠ | ৫,৮৭,০৪১ বৰ্গ কিমি (৪৬তম) ২,২৬,৫৯৭ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.৯ (৫,২৮৩ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | 2018 আনুমানিক | ২,৬২,৬২,৩১৩'"`UNIQ--ref-০০০০০০০৪-QINU`"''"`UNIQ--ref-০০০০০০০৫-QINU`"' (৫২nd) | ||||
জিডিপি (পিপিপি) | 2019 আনুমানিক | |||||
- | মুঠ | $45.948 billion[4] | ||||
- | জনমুৰি | $1,697[4] | ||||
জিডিপি (নামমাত্ৰ) | 2019 আনুমানিক | |||||
- | মুঠ | $12.734 billion[4] | ||||
- | জনমুৰি | $471[4] | ||||
জিনি সহগ? (2010) | 44.1 | |||||
মানৱ উন্নয়ন সূচক (2018) | 0.521 (162nd) | |||||
মুদ্ৰা | Malagasy ariary (MGA ) |
|||||
সময় অঞ্চল | EAT (ইউটিচি+3) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | not observed[5] (ইউটিচি+3) | ||||
গাড়ী চলোৱা হয় | সোঁফাল | |||||
ইণ্টাৰনেট টিএলডি | .mg | |||||
কলিং ক'ড | +261[5] |
প্ৰত্নতাত্ত্বিক প্ৰমাণৰ অনুসৰি মাদাগাস্কাৰত প্ৰাচীনতম মানুহৰ বিচৰণ ১০,০০০ বছৰ পূৰ্বে হয় বুলি অনুমান কৰা হয়।[7] মাদাগাস্কাৰত মানুহ বসতি স্থাপন হয় খ্ৰিষ্টপূৰ্ব ৩৫০-ৰ পৰা ৫৫০ খ্ৰিষ্টাব্দৰ মাজত ইণ্ডোনেছিয়াৰ পৰা নাৱেৰে অহা অষ্ট্ৰোনেছিয়ান লোকৰ দ্বাৰা। সেই সময়ত ইণ্ডোনেছিয়াৰ সামাজিক তথা ধৰ্মীয় পৰিস্থিতি আছিল স্থানীয় ইণ্ডোনেছিয়ান সংস্কৃতি সহ হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ। এওঁলোকক খ্ৰিষ্টীয় নৱম শতিকাৰ আশেপাশে যোগদান কৰে পূব আফ্ৰিকাৰ পৰা মোজাম্বিক চেনেল অতিক্ৰম কৰি অহা বাণ্টু জনগোষ্ঠীৰ লোকসকলে। অন্যান্য জনগোষ্ঠীসমূহে সময়ে সময়ে মাদাগাস্কাৰত আহি বসতি স্থাপন কৰে আৰু এই সকলোবোৰ জনগোষ্ঠীৰ অৱদান আৰু প্ৰভাৱ মাদাগাস্কাৰৰ সাংস্কৃতিক জীৱনত দেখা যায়। মাদাগাস্কাৰৰ লোক মালাগাছি নৃগোষ্ঠীক প্ৰায় ১৮ বা ততোধিক উপগোষ্ঠীত বিভক্ত কৰা হয় যাৰ মাজত বৃহত্তম হ'ল কেন্দ্ৰীয় উচ্চভূমিৰ মেৰিনা জনগোষ্ঠী।
১৮ শতিকাৰ শেষৰ ফাললৈকে মাদাগাস্কাৰ দ্বীপটো পৰিবৰ্তনশীল সামাজিক-ৰাজনৈতিক গোটৰ দ্বাৰা শাসিত হৈ আছিল। ১৯ শতিকাৰ আৰম্ভণিৰ পৰা দ্বীপটোৰ অধিকাংশ অঞ্চলক একলগ কৰি মাদাগাস্কাৰ সাম্ৰাজ্য (Kingdom of Madagascar) নামেৰে মেৰিনা জনগোষ্ঠীৰ শাসকসকলে শাসন চলাইছিল। ১৮৯৭ চনত এই শাসনৰ অন্ত পৰে যেতিয়া দ্বীপটোক ফৰাছি ঔপনিবেশিক সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়। এই ফৰাছি ঔপনিবেশৰ পৰা দ্বীপটোৱে স্বাধীনতা লাভ কৰে ১৯৬০ চনত। মাদাগাস্কাৰ স্বায়ত্তশাসিত ৰাষ্ট্ৰখন তেতিয়াৰে পৰা চাৰিটা প্ৰধান সাংবিধানিক সময়কালৰ মাজৰে পাৰ হয়, যাক গণৰাজ্য আখ্যা কৰা হয়। ১৯৯২ চনৰে পৰা দেশখন আনুষ্ঠানিকভাবে সাংবিধানিক গণতন্ত্ৰ হিচাপে পৰিচালনা হৈ আহিছে। ইয়াৰ ৰাজধানী এণ্টানানাৰিভ'। ২০০৯ চনৰ জনগণৰ এক অভ্যুত্থানৰ পাছত ৰাষ্ট্ৰপতি মাৰ্ক ৰভালোমনানাক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হয় আৰু ২০০৯ চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰপতিৰ ক্ষমতা এণ্ড্ৰি ৰাজোয়েলিনাৰ হাতলৈ স্থানান্তৰিত হয়। সাংবিধানিক শাসন ব্যৱস্থা ২০১৪ চনৰ জানুৱাৰীত পুনৰুদ্ধাৰ কৰা হয় বুলি বিবেচনা কৰা হয় যেতিয়া ২০১৩ চনৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় সুষ্ঠু আৰু স্বচ্ছ বুলি গণ্য কৰা নিৰ্বাচনত বিজয়ী হৈ হেৰী ৰাজাওনাৰিমাপিয়ানিনাই ৰাষ্ট্ৰপতিৰ পদভাৰ গ্ৰহণ কৰে। মাদাগাস্কাৰ ৰাষ্ট্ৰসংঘ, আফ্ৰিকান ইউনিয়ন (এইউ), দক্ষিণ আফ্ৰিকাৰ উন্নয়ন সম্প্ৰদায় (এচএডিচি) আৰু ফ্ৰাঙ্কোফোনিৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সদস্য।
ৰাষ্ট্ৰসংঘৰ মতে মাদাগাস্কাৰ পৃথিৱীৰ সকলোতকৈ কম উন্নত দেশসমূহৰ ভিতৰত এখন।[8] মালাগাছি আৰু ফৰাছি দু্য়ো হৈছে ৰাষ্ট্ৰখনৰ চৰকাৰী ভাষা। দেশখনৰ নাগৰিকৰ বেছিভাগেই পৰম্পৰাগত ধৰ্মবিশ্বাস, খ্ৰীষ্টান ধৰ্ম বা উভয়ৰ সমন্বয়ক মানি চলে। ইক'-টুৰিজম আৰু কৃষিৰ লগতে শিক্ষা, স্বাস্থ্য আৰু বেচৰকাৰী উদ্যোগত বৃহত্তৰ বিনিয়োগ হৈছে মাদাগাস্কাৰৰ উন্নয়নৰ কৌশলৰ মূল উপাদান। ৰভালোমনানাৰ অধীনত এই বিনিয়োগসমূহে যথেষ্ট পৰিমাণে অৰ্থনৈতিক বৃদ্ধি অৰ্জন কৰিছিল, কিন্তু সুবিধাসমূহ সমভাবে জনগণৰ মাজত বিতৰণ নোহোৱাৰ বাবে, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ কিছু অংশৰ মাজত জীৱন-যাপনৰ ব্যয় বৃদ্ধি আৰু হ্ৰাসমান জীবন-যাপনৰ মানদণ্ডৰ বাবে উদ্বিগ্নতাৰ সৃষ্টি হৈছে। ২০১৭ চনৰ তথ্য অনুসৰি, দেশখনৰ অৰ্থনীতি ২০০৯-২০১৩-ৰ ৰাজনৈতিক সংকটৰ ফলত দুৰ্বল হৈ পৰে আৰু বেছিভাগ মালাগাছি জনগোষ্ঠীৰ জীবন-যাপনৰ মানদণ্ড নিম্নমানৰে হৈ আছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.