মক্কাৰ মছজিদ
From Wikipedia, the free encyclopedia
মছজিদ আল-হাৰাম (আৰবী: المسجد الحرام) ইছলামৰ আটাইতকৈ পৱিত্ৰ স্থান যিটো কাবাক আগুৰি আছে।[2] এই মছজিদখন চৌদি আৰৱৰ মক্কা চহৰত অৱস্থিত।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
মছজিদ আল-হাৰাম, (পৱিত্ৰ মছজিদ) | |
---|---|
সাধাৰণ তথ্য | |
স্থান | মক্কা, চৌদি আৰৱ[1] |
ভৌগোলিক স্থানাংক | 21.422°N 39.826°E / 21.422; 39.826 |
ৱেবছাইট | www |
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা | |
নিৰ্দিষ্টকৰণ | |
ক্ষমতা | 900,000 (increased to 4,000,000 during the Hajj period) |
মিনাৰ | ৯ |
মিনাৰৰ উচ্চতা | 89 মিটাৰ (292 ফুট) |
ভিতৰত আৰু বাহিৰত নামাজৰ স্থান মিলি মছজিদৰ বৰ্তমান অৱস্থান প্ৰায় ৩,৫৬,৮০০ square metre (88.2 একৰs) জুৰি অৱস্তিত। মছজিদ সকলো সময়তেই খোলা ৰখা হয়। হজ্জৰ সময়ত ইয়াত উপস্থিত হোৱা মানুহৰ জমায়াত পৃথিৱীৰ বৃহত্তম মানৱ সমাৱেশৰ অন্যতম।
চৌদি আৰৱত অৱস্থিত মক্কা হʼল ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে আটাইতকৈ পৱিত্ৰ স্থান। মুছলমানসকল বিশ্বৰ যʼতেই নাথাকক, মক্কাৰ কাবাৰ ফালেহে মুখ কৰি দৈনিক পাঁচবাৰ প্ৰাৰ্থনা কৰে। জীৱনকালত অন্ততঃ এবাৰ মক্কালৈ আহি আল্লাহক উপাসনা কৰাটো (বা হজ্জ যাত্ৰা কৰা) মুছলমানসকলৰ কৰ্তব্যৰ ভিতৰত পৰে। ৫৭০ খ্ৰীষ্টাব্দত মক্কাতে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মুহাম্মাদ(দঃ)ৰ জন্ম হৈছিল। অৱশ্যে পাছৰ সময়ত তেওঁ মক্কাৰ পৰা মদিনালৈ স্থানান্তৰ হ'বলগীয়া হৈছিল (হিজৰত কৰিবলগীয়া হৈছিল)। পৰৱৰ্তীসময় কালত এই মক্কাতে এক অতি বৃহৎ মছজিদ সজা হয়। মছজিদৰ প্ৰায় কেন্দ্ৰস্থলতে আছে ঘনক আকৃতিৰ বিখ্যাত কাবা, যʼত এক ডাঙৰ কৃষ্ণ শিল আছে৷ প্ৰবাদ মতে এই কৃষ্ণ শিলছটা বিশ্বৰ প্ৰথম মানৱ আদমক দিয়া হৈছিল আৰু আল্লাহৰ নিৰ্দেশত কাবা নিৰ্মাণ কৰা হৈছিল৷ বিশ্বৰ ষাঠিখন দেশৰ প্ৰায় ৬ লাখ পুণ্যাৰ্থী প্ৰতিবছৰে এই মছজিদ দৰ্শন কৰিবলৈ আৰু হজ্জ কৰিবলৈ মক্কালৈ আহে।[3]