মংগলা নাৰ্লিকাৰ
ভাৰতীয় গণিতজ্ঞ From Wikipedia, the free encyclopedia
ভাৰতীয় গণিতজ্ঞ From Wikipedia, the free encyclopedia
মংগলা নাৰ্লিকাৰ হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে উচ্চ গণিত আৰু সাধাৰণ গণিত, দুয়োখনে ক্ষেত্ৰলৈকে অৱদান আগবঢ়াইছে। গণিতত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মত নিয়োজিত হয়। পৰৱৰ্তী পৰ্যায়ত তেখেতে মুম্বাই বিশ্ববিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ত কৰ্মৰত হয়।[1][2] গণিত-সম্পৰ্কীয় বিষয়ত তেখেতে ইংৰাজী আৰু মাৰাঠী দুয়োটা বিষয়তে একাধিক গ্ৰন্থ আৰু নিবন্ধ ৰচনা কৰিছে। গাৰ্গী অজুন জিৱন্ত আহে (Gargi Ajun Jeevant Aahe) শীৰ্ষক মাৰাঠী গ্ৰন্থখনৰ বাবে তেখেতে ২০০২ চনত বিশ্বনাথ পাৰ্বতী গোখলে বঁটা লাভ কৰে।[3]
মংগলা নাৰ্লিকাৰ | |
---|---|
জন্ম | মংগলা ৰাজৱাড়ে বোম্বাই, ভাৰত |
শিক্ষানুষ্ঠান | বোম্বাই বিশ্ববিদ্যালয়, পুণে বিশ্ববিদ্যালয়, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান |
পেচা | গণিতজ্ঞ, লেখক |
দাম্পত্যসঙ্গী | জয়ন্ত নাৰ্লিকাৰ |
সন্তান | ৩ |
মংগলা নাৰ্লিকাৰে ১৯৬২ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতক ডিগ্ৰীসহ উত্তীৰ্ণ হয়। ১৯৬৪ চনত একেটা বিষয়তে প্ৰথম স্থানসহ তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু লগতে আচাৰ্যৰ সোণৰ পদকো লাভ কৰে।[2][4] ১৯৬৬ চনত তেখেতে প্ৰখ্যাত মহাকাশবিদ আৰু পদাৰ্থবিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ লগত বিবাহপাশত আৱদ্ধ হয়। গীতা, গিৰিজা আৰু লীলাৱতী নামেৰে তেওঁলোকৰ তিনিগৰাকী ছোৱালী আছে। আটাইকেইগৰাকীয়ে বিজ্ঞানৰ ক্ষেত্ৰখনতে কেৰিয়াৰ গঢ়িছে। গীতা হৈছে ছান ফ্ৰান্সিস্ক'ৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ জৈৱৰসায়ন বিভাগৰ অধ্যাপক আৰু বাকী দুগৰাকী কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰৰ লগত জড়িত।[5][6]
১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈকে নাৰ্লিকাৰে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ গণিত বিভাগত গৱেষক ছাত্ৰী আৰু সহকাৰী গৱেষক হিচাপে কাম কৰে। ১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈকে তেখেতে কেমব্ৰিজ বিশ্ববিদ্যালয়ত প্ৰাক-স্নাতক শ্ৰেণীত শিক্ষকতা কৰে। ১৯৭৪ চনৰ পৰা ১৯৮০লৈকে তেখেতে টাটাৰ প্ৰতিষ্ঠানখনতে পুনৰ গণিত বিভাগত কৰ্মৰত হয়। [2] বিবাহৰ ১৬ বছৰৰ পিছত, ১৯৮১ চনত তেখেতে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা বিশ্লেষণাত্মক সংখ্যা তত্ত্বত ডক্টৰেট ডিগ্ৰী লাভ কৰে।[7] [4] ডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেতে টাটাৰ প্ৰতিষ্ঠানটোতে ১৯৮২-১৯৮৫ চনলৈকে পুল অফিচাৰ হিচাপে কাম কৰি যায়। এই সময়ছোৱাত তেখেতে মুম্বাই বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এম.ফিল শ্ৰেণীৰ শিক্ষাৰ্থীক শিক্ষাদান কৰিছিল। সময়বিশেষে তেখেতে পুনে বিশ্ববিদ্যালয়ৰ গণিত বিভাগতো ১৯৮৯-২০০২ চন পৰ্যন্ত অধ্যাপনা কৰিছিল। ২০০৬ চনৰ পৰা ২০১০ চনলৈকে তেখেতে ভাস্কৰাচাৰ্য প্ৰতিষ্ঠানৰ কেন্দ্ৰত বিজ্ঞানৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীক শিক্ষাদান কৰিছিল। তেখেতৰ গৱেষণাৰ বিচৰণক্ষেত্ৰ হৈছে-বাস্তৱ আৰু জটিল বিশ্লেষণ, বিশ্লেষণাত্মক সংখ্যা তত্ত্ব, বিশ্লেষণাত্মক জ্যামিতি, সংখ্যা তত্ত্ব, আৰু বীজগণিত আদি।[2]
গণিতৰ গ্ৰন্থ-ৰচনা সম্পৰ্কত তেখেতে লিখিছে: "গণিতক ৰসাল আৰু বোধগম্য কেনেকৈ কৰিব পাৰি,তাৰবিষয়ে কিতাপ লিখি মই আনন্দ পাওঁ। "[8] ঘৰুৱা দায়িত্ব আৰু পেছাগত জীৱনৰ সমান্তৰালভাৱে চলাই যোৱা প্ৰসংগত তেখেতৰ মন্তব্য:"বোধহয় মোৰ জীৱন-কাহিনীটোৱে আজিৰ সময়ৰ বহুতো নাৰীকেই প্ৰতিনিধিত্ব কৰে, যিসকল উচ্চশিক্ষিত হৈও ব্যক্তিগত কেৰিয়াৰতকৈ সাংসাৰিক দায়িত্বক অগ্ৰাধিকাৰ দিয়ে।[6]
নাৰ্লিকাৰে বহুকেইটা বৈজ্ঞানিক প্ৰবন্ধ আৰু একাধিক গ্ৰন্থ ৰচনা কৰিছে। তাৰ ভিতৰত :[2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.