১৯৭১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৫ম লোকসভা গঠন কৰিবলৈ অনুষ্ঠিত হৈছিল। এখনীয়া আসনৰ ৫১৮টা সমষ্টিয়ে ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল।[2] কংগ্ৰেছ দল বিভাজন হোৱাৰ পিছতো ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে (আৰ)-এ দৰিদ্ৰতা নিৰ্মূলৰ প্ৰচাৰ চলাই চমকপ্ৰদ বিজয় সাব্যস্ত কৰিছিল আৰু বিগত নিৰ্বাচনৰ তুলনাত অধিক আসন লাভ কৰিছিল।
ক্ষিপ্ৰ তথ্য লোকসভাৰ ৫১৮খন আসন সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ২৬০খন, প্ৰথম দল ...
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭১
![ভাৰত](//upload.wikimedia.org/wikipedia/commons/thumb/4/41/Flag_of_India.svg/50px-Flag_of_India.svg.png)
|
|
|
|
বন্ধ কৰক
৪ৰ্থ লোকসভাৰ কাৰ্যকাল চলি থাকোঁতেই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত ইন্দিৰা গান্ধীৰ সৈতে মোৰাৰজী দেশাই, কামৰাজ আদি নেতাৰ মাজত অন্তৰ্কলহে দেখা দিছিল। ১৯৬৯ত ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল ফলস্বৰূপে দল দুই ভাগত বিভাজন হৈছিল। গৰিষ্ঠ সংখ্যক কংগ্ৰেছ সাংসদ আৰু তৃণমূল সমৰ্থকে গান্ধীৰ ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)-ত যোগ দিছিল আৰু এই গোটটোক ভাৰতৰ নিৰ্বাচন আয়োগে মূল কংগ্ৰেছৰ উত্তৰাধিকাৰী বুলি অনুমোদন দিছিল। বাকী গান্ধীৰ বিৰোধিতা কৰা ৩২জন সাংসদক লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) গঠন কৰা হৈছিল। ১৯৭১ৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ 'আৰ' (R) কংগ্ৰেছে শক্তিশালী বিজয় লাভ কৰিছিল আৰু অৰ্গেনাইজেচন কংগ্ৰেছে তেওঁলোকৰ আধা আসন হেৰুৱাইছিল।
১২ জুন ১৯৭৫ৰ দিনা এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায়বেৰেলি সংসদীয় সমষ্টিৰ পৰা ইন্দিৰা গান্ধীৰ বিজয় অবৈধ আছিল বুলি ৰায় দিয়ে। গান্ধীয়ে পদত্যাগ কৰাৰ সলনি ৰাজনৈতিক বিৰোধীসকলক বশ কৰিবলৈ দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।