ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাত ১৫ আগষ্ট, ১৯৪৭ তাৰিখে ভাৰত স্বাধীন হোৱাৰ দিনাৰে পৰা বৰ্তমানলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানলৈ ভাৰতত মুঠ তেৰখন লোকসভা গঠন কৰা হৈছে আৰু চৈধ্যগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ বাব পাইছে। ইয়াৰে আটাইতকৈ বেছি দিন দায়িত্বত থকা প্ৰধানমন্ত্ৰীগৰাকী হ'ল জৱাহৰলাল নেহৰু। তেখেতে ১৬ বছৰ ৯ মাহ প্ৰধানমন্ত্ৰীৰ পদত আছিল। আটাইতকৈ কম দিন প্ৰধানমন্ত্ৰী হোৱা ব্যক্তিগৰাকী হ'ল গুলজাৰিলাল নন্দা। তেখেত দুটা কাৰ্যকালত এমাহতকৈয়ো কম দিনৰ বাবে দায়িত্বত আছিল। জৱাহৰলাল নেহেৰু আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ আকস্মিক মৃত্যৰ পাছত তেখেতে কেইটামান কেইটামান দিনৰ বাবে প্ৰধান মন্ত্ৰিত্ব লাভ কৰিছিল। তেখেত প্ৰকৃততে পূৰ্ণ পৰ্যায়ৰ নে তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আছিল, সেইটো লৈ বিতৰ্ক হয় যদিও ভাৰতীয় সংবিধানত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী বুলি কোনো ব্যৱস্থা নাই।