ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাপৰিদৰ্শক From Wikipedia, the free encyclopedia
ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক ভাৰতৰ সংবিধানৰ ১৪৮ নং অনুচ্ছেদৰ অধীনত গঠিত সাংবিধানিক কৰ্তৃপক্ষ। সংবিধানে তেওঁক ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আয় আৰু ব্যয়ৰ হিচাপ পৰীক্ষা কৰাৰ ক্ষমতা প্ৰদান কৰে। ইয়াৰ লগতে তেওঁ চৰকাৰৰ দ্বাৰা যথেষ্ট পৰিমাণে বিত্তীয় সাহাৰ্য লাভ কৰা স্বায়ত্তশাসিত সংস্থা আৰু নিগম আৰু নিকায় সমূহৰো হিচাপ পৰীক্ষণ কৰে। তেওঁ চৰকাৰী মালিকানাধীন নিগমবোৰৰ আইনী হিচাপ পৰীক্ষক আৰু চৰকাৰৰ কমেও ৫১ শতাংশ বা বিদ্যমান চৰকাৰী কোম্পানীবোৰৰ সহায়ক কোম্পানীৰ লাভ্যাংশ থকা চৰকাৰী কোম্পানীবোৰৰ পৰিপূৰক হিচাপ পৰীক্ষা কৰে। ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ প্ৰতিবেদনবোৰ সংসদ/বিধানসভাৰ মজিয়াত উত্থাপন কৰা হয় আৰু ভাৰতৰ সংসদ আৰু ৰাজ্যিক বিধানসভাৰ দুখন বিশেষ সমিতি ৰাজহুৱা হিচাপ সমিতি আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ সমিতিৰ দ্বাৰা আলোচনাৰ বাবে গ্ৰহণ কৰা হয়। তেওঁ ভাৰতীয় হিচাপ পৰীক্ষণ আৰু একাউণ্ট সেৱাৰ বিষয়াসকলে পৰিচালনা কৰা ভাৰতীয় হিচাপ পৰীক্ষা আৰু একাউণ্ট বিভাগৰ মুৰব্বী। ১৯৭১ চনত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক (কৰ্তব্য, ক্ষমতা আৰু সেৱাৰ চৰ্তাৱলী) আইন, ১৯৭১ প্ৰণয়ন কৰে আৰু এই আইনৰ জৰিয়তে তেওঁৰ কার্যলয়ে কাৰ্য সম্পাদন কৰে। ১৯৭৬ চনত তেওঁক হিচাপৰক্ষণ কাৰ্যৰ পৰা অব্যাহতি দিয়া হৈছিল।
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক | |
---|---|
মনোনয়ন কৰ্তা | ভাৰতৰ প্ৰধানমন্ত্ৰী |
নিয়োগকৰ্তা | ভাৰতৰ ৰাষ্ট্ৰপতি |
কাৰ্যকাল | ৬ বছৰ বা ৬৫ বছৰ বয়সলৈকে (যিটো আগতে হয়) |
Constituting instrument | ভাৰতৰ সংবিধানৰ ১৪৮ নং অনুচ্ছেদ |
প্ৰথম পদাধিকাৰী | ভি. নৰহৰি ৰাও |
সহকাৰী | ভাৰতৰ উপনিয়ন্ত্ৰক-মহালেখা পৰীক্ষক |
দৰমহা | মাহিলী ₹২,৫০,০০০ (৩,৫০৫ ডলাৰ) [1][2][3] |
ৱেবচাইট | www |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.