ভণ্ডামি
From Wikipedia, the free encyclopedia
ভণ্ডামি (ইংৰাজী: Hypocrisy) হ'ল নিজে যি নহয় তাৰ অভিনয় কৰা বা যি নহয় সেইটো বিশ্বাস কৰা।[1] ১২০০ চনৰ আশে-পাশে ইংৰাজী ভাষাত "ভণ্ডামি" শব্দটো প্ৰৱেশ কৰে, যাৰ অৰ্থ আছিল "গুণসম্পন্ন বা মঙ্গলজনকৰ অভিনয় কৰা পাপ"(the sin of pretending to virtue or goodness)।[2] আজিৰ তাৰিখত "ভণ্ডামি" বুলিলে প্ৰায়ে এনে আচৰণৰ পোষকতা কৰা বুলি কোৱা হয় যিবোৰ কোনোৱে পালন নকৰে। শব্দটোৱে আন ধৰণৰ অভিনয়কো বুজাব পাৰে, যেনে: প্ৰকৃত ধৰ্মপৰায়ণ বা নৈতিক প্ৰেৰণাতকৈ প্ৰশংসাৰ আকাংক্ষাৰ বাবে ধৰ্মপৰায়ণ বা নৈতিক আচৰণত লিপ্ত হোৱা।
ভণ্ডামিৰ সংজ্ঞা ভিন্ন। নৈতিক মনোবিজ্ঞানত ই হৈছে নিজৰ প্ৰকাশিত নৈতিক নিয়ম আৰু নীতি মানি চলাত ব্যৰ্থ হোৱা।[3] ব্ৰিটিছ ৰাজনৈতিক দাৰ্শনিক ডেভিদ ৰানচিমেনৰ মতে, "অন্য প্ৰকাৰৰ ভণ্ডামি প্ৰতাৰণাৰ ভিতৰত আছে নিজৰ অভাৱ থকা জ্ঞানৰ দাবী,বৰ্তাই ৰাখিব নোৱাৰা সামঞ্জস্যৰ দাবী; নিজৰ ওচৰত নথকা আনুগত্যৰ দাবী, নিজৰ ওচৰত নথকা পৰিচয়ৰ দাবী।"[4] আমেৰিকাৰ ৰাজনৈতিক সাংবাদিক মাইকেল গেৰ্চনে কয় যে ৰাজনৈতিক ভণ্ডামি হৈছে "জনসাধাৰণক বোকা পানী খোৱাবলৈ আৰু ৰাজনৈতিক লাভালাভ কৰিবলৈ সচেতনভাৱে মুখা ব্যৱহাৰ কৰা"।[5]
মানৱ ইতিহাসৰ আৰম্ভণিৰে পৰাই 'ভণ্ডামি' লোকপ্ৰজ্ঞা আৰু প্ৰজ্ঞা সাহিত্যৰ বিষয় হৈ আহিছে। ক্ৰমান্বয়ে ১৯৮০ চনৰ পৰা ই আচৰণ অৰ্থনীতি, জ্ঞান বিজ্ঞান, সাংস্কৃতিক মনোবিজ্ঞান, সিদ্ধান্ত গ্ৰহণ, নৈতিকতা, বিৱৰ্তন মনোবিজ্ঞান, নৈতিক মনোবিজ্ঞান, ৰাজনৈতিক সমাজবিজ্ঞান, ধনাত্মক মনোবিজ্ঞান, সামাজিক মনোবিজ্ঞান, আৰু সমাজবিজ্ঞান সামাজিক মনোবিজ্ঞান আদিৰ অধ্যয়নৰ ক্ষেত্ৰতো কেন্দ্ৰীয় হৈ পৰিছে।