From Wikipedia, the free encyclopedia
বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী: Augmented Satellite Launch Vehicle) বা অগ্ৰগামী উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী: Advanced Satellite Launch Vehicle) (সংক্ষেপে ASLV) নিম্ন ভূ-কক্ষপথত ১৫০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ স্থাপন কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা বিকশিত পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট।[1] এটা ভূ-স্থিৰ কক্ষপথত পেলোড স্থাপন কৰিবলৈ প্ৰয়োজনীয় প্ৰযুক্তিৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যে ১৯৮০ দশকৰ সময়ছোৱাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই প্ৰকল্পটো আৰম্ভ কৰে।[2][3] এ এছ এল ভিৰ আৰ্হি এছ এল ভিৰ আধাৰত প্ৰস্তুত কৰা হৈছিল।[4]একে সময়তে পি এছ এল ভি আৰু এ এছ এল ভি দুয়োটা কাৰ্যসূচীৰ বাবে ইছৰোৰ পৰ্যাপ্ত পুঁজি নাছিল আৰু সেয়েহে প্ৰাৰম্ভিক উন্নয়নশীল উৰণৰ পাছতেই এ এছ এল ভি কাৰ্যসূচীৰ অৱসান ঘটোৱা হয়।[2] সম্প্ৰসাৰিত ৰোহিণী উপগ্ৰহ শৃংখলা আছিল এ এছ এল ভিৰ পেলোড।[4]
বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান | |
কাৰ্য | সৰু উৎক্ষেপণ যান |
---|---|
Manufacturer | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
মূল দেশ | ভাৰত |
আকাৰ | |
Height | 24 মিটাৰ (79 ফুট) |
Diameter | 1 মিটাৰ (3.3 ফুট) |
Mass | ৪১,০০০ কেজি (৯০,০০০ পাউণ্ড) |
ধাৰণ-ক্ষমতা | |
৪০০ কিলোমিটাৰ নিম্ন ভূ-কক্ষপথলৈ পে লোড | |
Mass | ১৫০ কেজি (৩৩০ পাউণ্ড) |
সহযোগী ৰকেট | |
পৰিয়াল | এছ এল ভি, পি এছ এল ভি, জি এছ এল ভি |
উৎক্ষেপণ ইতিহাস | |
বৰ্তমান স্থিতি | অৱসৰপ্ৰাপ্ত |
উৎক্ষেপণ স্থলী | শ্ৰীহৰিকোটা |
মুঠ উৎক্ষেপণ | ৪ |
সফল | ১ |
বিফল | ২ |
আংশিকভাৱে বিফল | ১ |
প্ৰথম উৰণ | ২৪ মাৰ্চ, ১৯৮৭ |
অন্তিম উৰণ | ৫ মে’, ১৯৯৪ |
Type of passengers/cargo | সম্প্ৰসাৰিত ৰোহিণী উপগ্ৰহ শৃংখলা |
প্ৰথম পৰ্যায় | |
Powered by | ২ গোটা |
Maximum thrust | 502.6 kN (1,13,000 lbf) each |
আপেক্ষিক ঘাতবল | ২৫৩ ছেকেণ্ড |
জ্বলন কাল | ৪৯ ছেকেণ্ড |
ইন্ধন | গোটা |
দ্বিতীয় পৰ্যায় | |
Powered by | ১ গোটা |
Maximum thrust | 702.6 kN (1,58,000 lbf) |
আপেক্ষিক ঘাতবল | ২৫৯ ছেকেণ্ড |
জ্বলন কাল | ৪৫ ছেকেণ্ড |
ইন্ধন | গোটা |
তৃতীয় পৰ্যায় | |
Powered by | ১ গোটা |
Maximum thrust | 304 kN (68,000 lbf) |
আপেক্ষিক ঘাতবল | ২৭৬ ছেকেণ্ড |
জ্বলন কাল | ৩৬ ছেকেণ্ড |
ইন্ধন | গোটা |
চতুৰ্থ পৰ্যায় | |
Powered by | ১ গোটা |
Maximum thrust | 90.7 kN (20,400 lbf) |
আপেক্ষিক ঘাতবল | ২৭৭ ছেকেণ্ড |
জ্বলন কাল | ৪৫ ছেকেণ্ড |
ইন্ধন | গোটা |
পঞ্চম পৰ্যায় | |
Powered by | ১ গোটা |
Maximum thrust | 35 kN (7,900 lbf) |
আপেক্ষিক ঘাতবল | ২৮১ ছেকেণ্ড |
জ্বলন কাল | ৩৩ ছেকেণ্ড |
ইন্ধন | গোটা |
এ এছ এল ভি আছিল পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট। ৪৭° নতি সহ ৪০০ কিলোমিটাৰৰ এটা কক্ষপথত প্ৰায় ১৫০ কিলোগ্ৰাম ওজনৰ পেলোড স্থাপন কৰিব পৰাকৈ এ এছ এল ভিৰ ধাৰণ ক্ষমতা আছিল। উৎক্ষেপণৰ সময়ত এ এছ এল ভিয়ে ৯২, ৭৮০ kgf থ্ৰাষ্ট্ উৎপাদন কৰিছিল। ২৩.৫ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১ মিটাৰ আন্তঃব্যাসৰ এই ৰকেটখনৰ ওজন আছিল ৪১,০০০ কিলোগ্ৰাম।[4]
এ এছ এল ভিয়ে চাৰিটাকৈ উৎক্ষেপণ সম্পন্ন কৰিছিল। ইয়াৰে দুবাৰ বিফল, এবাৰ আংশিকভাৱে বিফল আৰু এবাৰ সফল হৈছিল। ১৯৮৭ চনৰ ২৪ মাৰ্চত এ এছ এল ভিয়ে প্ৰথম উৰণ সম্পন্ন কৰিছিল আৰু ১৯৯৪ চনৰ ৫ মে'ত কৰা উৎক্ষেপণ আছিল এ এছ এল ভিৰ অন্তিম উৰণ।
এ এছ এল ভিৰ চাৰিওটা উৎক্ষেপণ সতীশ ধৱন মহাকাশ কেন্দ্ৰত থকা এ এছ এল ভি নিক্ষেপণ মঞ্চৰ পৰা কৰা হৈছিল।
ক্ৰমিক নং | শিৰোনাম | তাৰিখ / সময় (UTC) | উৎক্ষেপণ যান | উৎক্ষেপণ স্থলী | পেলোড | পেলোড ভৰ | কক্ষপথ | ব্যৱহাৰকাৰী | পৰিণাম |
---|---|---|---|---|---|---|---|---|---|
১ | ASLV-D1 | ২৪ মাৰ্চ, ১৯৮৭[5][6] | এ এছ এল ভি | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-1 | ১৫০ কেজি (৩৩০ পাউণ্ড) | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | বিফল |
উৎক্ষেপণৰ পাছতেই প্ৰথম পৰ্যায়ত জ্বলিবলৈ ব্যৰ্থ হয়। | |||||||||
২ | ASLV-D2 | ১৩ জুলাই, ১৯৮৮[5][6] | এ এছ এল ভি | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-2 | ১৫০ কেজি (৩৩০ পাউণ্ড) | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | বিফল |
Control problems caused launcher to disintegrate | |||||||||
৩ | ASLV-D3 | ২০ মে’, ১৯৯২[5][6] | এ এছ এল ভি | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-C | ১০৬ কেজি (২৩০ পাউণ্ড) | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | আংশিকভাৱে বিফল[7] |
Orbit lower than expected and incorrect spin-stabilization. Decayed quickly. | |||||||||
৪ | ASLV-D4 | ৫ মে’, ১৯৯৪[5][6] | এ এছ এল ভি | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-C2 | ১১৩ কেজি (২৫০ পাউণ্ড) | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | সফল[7] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.