বেংগল প্ৰেচিডেঞ্চি
From Wikipedia, the free encyclopedia
বেংগল প্ৰেচিডেঞ্চি, আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ, ব্ৰিটিছ ভাৰতৰ এটি ভাগ আছিল। ভৌগোলিকভাৱে নিজৰ আতাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল। কিন্তু প্ৰকৃত বেংগলত বংগ অঞ্চলহে সামৰা হয়, যি বৰ্তমানৰ পশ্চিম বংগ আৰু বাংলাদেশ। ফ'ৰ্ট ৱিলিয়ামৰ আশে-পাশে বিকশিত মহানগৰ কলিকতা আছিল বেংগল প্ৰেচিডেঞ্চিৰ ৰাজধানী। এসময়ত বেংগলৰ ৰাজ্যপালেই আছিল ভাৰতৰ ভাইচেৰয় আৰু কলিকতা ১৯১১ চনলৈকে ভাৰতৰ অনানুষ্ঠানিক ৰাজধানী আছিল।[1]