বুকাৰ বঁটা
সাহিত্যিক বঁটা / From Wikipedia, the free encyclopedia
বুকাৰ বঁটা (ইংৰাজী: Booker Prize), পূৰ্বৰ নাম কল্প-সাহিত্যৰ বুকাৰ বঁটা (১৯৬৯–২০০১) আৰু মেন বুকাৰ বঁটা (২০০২–২০১৯), হৈছে ইংৰাজী ভাষাত লিখা আৰু যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসৰ বাবে প্ৰতি বছৰে প্ৰদান কৰা এক সাহিত্যিক বঁটা। ইয়াক ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াক ১৯৬৯ চনৰ পৰা প্ৰদান কৰা হয়। আৰম্ভণিতে কেৱল কমনৱেলথ ৰাষ্ট্ৰসমূহ, আয়াৰলেণ্ড, আৰু দক্ষিণ আফ্ৰিকাৰ (আৰু পিছলৈ জিম্বাৱৱে) নাগৰিকসকলে লিখা উপন্যাসসমূহে এই বঁটা লাভ কৰিবলৈ যোগ্য আছিল; পিছে ২০১৪ চনত ইয়াক যিকোনো ইংৰাজী ভাষাৰ উপন্যাসলৈ প্ৰসাৰিত কৰা হৈছিল— এই পৰিৱৰ্তনে বিতৰ্কৰ সূচনাও কৰে।[1][2]
বুকাৰ বঁটা | |
---|---|
বিৱৰণ | ইংৰাজী ভাষাত লিখা আৰু যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাস |
অৱস্থান | লণ্ডন, ইংলেণ্ড |
দেশ | যুক্তৰাজ্য frameless |text-top |10px |alt=Edit this on Wikidata|link=https://www.wikidata.org/wiki/Q160082?uselang=as#P17|Edit this on Wikidata |
প্ৰদান কৰোঁতা | Booker Prize Foundation frameless |text-top |10px |alt=Edit this on Wikidata|link=https://www.wikidata.org/wiki/Q160082?uselang=as#P1027|Edit this on Wikidata |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১৯৬৯ |
ৱেবচাইট | www |
মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয়। এই বঁটাৰ বাবে উপন্যাসসমূহ যুক্তৰাজ্য বা আয়াৰলেণ্ডৰ প্ৰকাশকে প্ৰকাশ কৰা হ’ব লাগে আৰু লগতে আৰু কিছুমান চৰ্ত থাকে। এই বঁটাত প্ৰদান কৰা ধনৰ পৰিমাণ ৫০,০০০ ব্ৰিটিছ পাউণ্ড। চূড়ান্ত তালিকালৈ নিৰ্বাচিত উপন্যাসৰ লেখকসকলক ২,৫০০ ব্ৰিটিছ পাউণ্ডকৈ প্ৰদান কৰা হয়।[3]