বিশ্ব সুখ সূচক
From Wikipedia, the free encyclopedia
বিশ্ব সুখ সূচক য়ুনাইটেড নেচন্স চাষ্টেইনেবল ডেভেলপ্মেণ্ট চল্যুচন্স নেটৱৰ্কৰ দ্বাৰা প্ৰকাশিত এক জোখ। ই সুখৰ এক জোখ।
জুলাই ২০১১ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ দেশৰ বাসিন্দাসকলৰ সুখৰ জোখ লৈ, সেই তথ্যৰে নিজৰ বিকাশৰ নীতি নিৰ্দেশিত কৰিবলৈ এক প্ৰস্তাৱ যোগে আহ্বান জনালে। তাৰ পাছত, ২ এপ্ৰিল ২০১২ত ৰাষ্ট্ৰসংঘৰ উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হ'ল, বিষয় -- "সুখ আৰু ভালে-থকা: এক নতুন অৰ্থনৈতিক দৃষ্টান্তৰ সংজ্ঞায়িত কৰা"। নেতৃত্বত আছিল ভূতানৰ প্ৰধান মন্ত্ৰী জিগ্মে' থিন্লেই। সেই সময়লৈকে ভূতানেই আছিল প্ৰথম আৰু একমাত্ৰ দেশ যিয়ে মুঠ ঘৰুৱা উৎপাদনৰ ঠাইত মুঠ ৰাষ্ট্ৰীয় সুখৰ জোখেৰেহে বিকাশৰ সূচনা প্ৰকাশ কৰিছিল।[1]
প্ৰথম বিশ্ব সুখ প্ৰতিবেদন প্ৰকাশ কৰা হ'ল ২ এপ্ৰিল ২০১২ত। এই প্ৰতিবেদনক বৈঠকৰ মৌলিক লেখ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ই বিশ্বৰ প্ৰথম বৈশ্বিক সুখ সমীক্ষা হিচাপে আন্তঃৰাষ্ট্ৰীয় চৰ্চালৈ আহিল।[2] প্ৰতিবেদনত বিশ্ব সুখৰ ৰূপ, সুখ আৰু দুখৰ কাৰণসমূহ, নীতিৰ প্ৰভাৱ আদিৰ বিষয়ে তথ্য দাঙি ধৰা হৈছিল। চেপ্টেম্বৰ ২০১৩ত দ্বিতীয় বিশ্ব সুখ প্ৰতিবেদন প্ৰকাশ কৰা হ'ল। লগতে এই প্ৰতিবেদন প্ৰতি বছৰে প্ৰকাশ কৰাৰ প্ৰস্তাৱো আগবঢ়োৱা হ'ল। তাৰ পাছৰ পৰা এই প্ৰতিবেদন বছৰি প্ৰকাশ কৰা হয়।[3] গেলাপ প'লৰ তথ্যও ব্যৱহাৰ কৰা হয়। প্ৰতিবেদনখন প্ৰতি বছৰে ৰাজহুৱাকৈ বিশ্ব সুখ প্ৰতিবেদনৰ ৱেবছাইটত প্ৰকাশ কৰা হয়।