বিশ্ব বাণিজ্য সংস্থা
From Wikipedia, the free encyclopedia
বিশ্ব বাণিজ্য সংস্থা (ইংৰাজী: World Trade Organization) বা চমুকৈ ডব্লিউ টি অ’ (WTO) হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উদাৰীকৰণৰ উদ্দেশ্যৰে গঠিত এক আন্তৰ্জাতিক সংগঠন। ১৯৪৮ চনত গঠন হোৱা জেনেৰেল এগ্ৰীমেণ্ট অন টেৰিফছ এণ্ড ট্ৰেড (General Agreement on Tariffs and Trade) বা চমুকৈ গেট (GATT) এই সংগঠনটোৰ পূৰ্বসূৰী আছিল। ১৯৯৪ চনৰ ১৫ এপ্ৰিলত হোৱা ১২৩খন দেশৰ স্বাক্ষৰ সম্বলিত মাৰাকেক চুক্তি অনুযায়ী ১৯৯৫ চনৰ ১ জানুৱাৰীত আনুষ্ঠানিকভাৱে বিশ্ব বাণিজ্য সংস্থাৰ জন্ম হয়।[7] সংস্থাটোৱে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক বিনিময় নিয়ন্ত্ৰণ কৰাৰ বাবে এক প্ৰণালী যুগুতোৱাৰ লগতে বিবাদসমূহ মীমাংসা কৰি চুক্তি অনুযায়ী কাৰ্যসমূহ চলাই নিয়াৰ বাবে প্ৰচেষ্টা হাতত লয়। [8]:fol.9–10[9]
বিশ্ব বাণিজ্য সংস্থা
| |
---|---|
চমু নাম | ডব্লিউ টি অ' (WTO) |
প্ৰতিষ্ঠা | জানুৱাৰী ১, ১৯৯৫ |
ধৰণ | আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংগঠন |
উদ্দেশ্য | মুক্ত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য |
প্ৰধান কাৰ্যালয় | চেণ্টাৰ উইলিয়াম ৰেপাৰ্ড, জেনেভা, ছুইজাৰলেণ্ড |
স্থানাংক | 46.12°N 6.09°E / 46.12; 6.09 |
সেৱা ক্ষেত্ৰ | বিশ্বজোৰা |
সদস্যপদ | ১৬০খন সদস্য ৰাষ্ট্ৰ[1] |
আনুষ্ঠানিক ভাষা | ইংৰাজী, ফৰাচী, স্পেনিছ[2] |
ৰবাৰ্ট’ এজভিড’ (Roberto Azevêdo)]],[3][4] | |
বাজেট | ২০১১ চনত ১৯৬ মিলিয়ন চুইছ ফ্ৰাঁ (প্ৰায় ২০৯ আমেৰিকান ডলাৰ)[5] |
কৰ্মচাৰী | ৬৪০[6] |
ৱেবছাইট | www |
দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই আন্তৰ্জাতিক অৰ্থনৈতিক সহযোগিতাৰ উদ্দেশ্যে স্থাপিত অন্যান্য সংগঠন, যেনে ব্ৰেটন উডছ সংস্থা অৰ্থাৎ ৱৰ্ল্ড বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সৈতে সংস্থাটোৰ পূৰ্বসূৰী গেটৰ স্থাপনা কৰা হয়। একে সময়তে বাণিজ্যিক বিষয়সমূহৰ লগতে নিয়োগ, বিনিয়োগ, পণ্যদ্ৰব্যৰ চুক্তি আৰু নিষিদ্ধ ব্যৱসায়িক কাৰ্যকলাপ ইত্যাদিৰ নিৰীক্ষণ তথা নিয়ন্ত্ৰণৰ বাবে আন্তৰ্জাতিক বাণিজ্য সংস্থা নামৰ এক সংগঠনো প্ৰস্তাৱিত হয়। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে আন কেইবাখন ৰাষ্ট্ৰৰ সহমত নোপোৱাত এই প্ৰস্তাৱ ৰদ কৰা হয়।[10][11][12] ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থা এটা নোহোৱাৰ বাবে গেটক বিশ্ব বাণিজ্য সংস্থালৈ ৰূপান্তৰ কৰা হয়।[13]