দিৱস From Wikipedia, the free encyclopedia
বিশ্ব দৃষ্টি দিৱস (World Sight Day) প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতি বাৰে গোটেই বিশ্বজুৰি পালন কৰা হয়। গোলকীয় প্ৰেক্ষাপটত অন্ধতা, চকু আৰু দৃষ্টি সম্পৰ্কীয় ৰোগ আৰু চকুৰ যতনৰ বাবে জসচেতনতা বৃদ্ধি কৰায় এই দিৱসৰ মূল লক্ষ্য। ২০০০ চনত আন্তৰ্জাতিক লায়েন্স ক্লাৱে (Lions Club International) অনুষ্ঠিত কৰা SightFirstCampaignৰ ফলশ্ৰুতিত এই দিৱস জন্ম হৈছিল।
বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত আন্তৰাষ্ট্ৰীয় অন্ধতা দূৰীকৰণ সন্থাৰ পৰিচালনাত এই দিৱস বহুল ভাৱে প্ৰচাৰিত হৈ ভিশ্যন২০২০ লৈ উন্নীত হৈছে।
প্ৰতি বছৰৰ অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতি বাৰে এই দিৱস উদযাপন কৰা হয়।[1]
এই দিৱসৰ দিনা বিভিন্ন সভা-সমিতি, বক্তৃতা অনুষ্ঠান পাতি দৃষ্টি সম্পৰ্কীয় নানা দিহা-পৰামৰ্শ আদান প্ৰদান কৰা হয়। চকু চিকিৎসা শিবিৰ পাতি বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। নেত্ৰদানৰ বিষয়ে সাধাৰণ জনতাক আকৰ্ষণ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।
২০০০ | - নাই - |
২০০১ | - নাই - |
২০০২ | - নাই - |
২০০৩ | - নাই - |
২০০৪ | - নাই - |
২০০৫ | দৃষ্টিৰ অধিকাৰ(The Right to Sight) |
২০০৬ | নিম্ন দৃষ্টি(Low Vision) |
২০০৭ | শিশুৰ বাবে দৃষ্টি(Vision for Children) |
২০০৮ | দৃষ্টি সম্পৰ্কীয় ৰোগৰ বিৰুদ্ধে বৃদ্ধ বয়সত যুজঁ দিয়া(Fighting Vision Impairment in Later Life) |
২০০৯ | লিংগ আৰু চকুৰ স্বাস্থ্য |
২০১০ | ২০২০ লৈ ওলোটা গণনা(Countdown to 2020) |
২০১১ | - নাই - |
২০১২ | - নাই - |
২০১৩ | বিশ্বজনীন চকুৰ স্বাস্থ্য(Universal Eye Health) |
২০১৪ | অন্ধতাক আৰু অধিক অৱজ্ঞা কৰা নহব(No more Avoidable Blindness) |
২০১৫ | সকলোৰে বাবে চকুৰ যতন(Eye care for all) |
২০১৬ | একেলগে বেছি শক্তিমান (Stronger Together) |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.