কৰ্দৈ গছৰ নিকট সম্পৰ্কীয় উদ্ভিদ From Wikipedia, the free encyclopedia
বিলম্বি টেঙা বা বিলম্বি (ইংৰাজী: bilimbi', cucumber tree, tree sorrel[2], বৈজ্ঞানিক নাম: Averrhoa bilimbi) Oxalidaceae পৰিয়ালৰ এবিধ ফলসম্ভৱা গছ। ই কৰ্দৈ গছৰ নিকট সম্পৰ্কীয় উদ্ভিদ।
বিলম্বি টেঙা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Oxalidales |
পৰিয়াল: | Oxalidaceae |
গণ: | Averrhoa |
প্ৰজাতি: | A. bilimbi |
বৈজ্ঞানিক নাম | |
Averrhoa bilimbi Carl Linnaeus | |
সমাৰ্থক[1] | |
|
বিলম্বি টেঙা মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ স্থানীয় এবিধ সৰু গ্ৰীষ্মমণ্ডলীয় গছ। ইয়াৰ উচ্চতা ১৫ মিটাৰ পৰ্যন্ত হয়।[3] গছজোপা ভালেমান শাখা-প্ৰশাখাত বিভক্ত। বিলম্বিৰ ঠানিসমূহ প্ৰায় ৩০–৬০ চে.মি. দীঘল হয়। প্ৰতিটো ঠানিত ১১-৩৭খিলা পাত থাকে। পাতসমূহ ডিম্বাকৃতিৰ পৰা দীঘলীয়া, ২–১০ চে.মি. দীঘল আৰু ১–২ চে.মি. বহল হয়।[4] ইয়াৰ পাতসমূহৰ সৈতে পৰা আমলখিৰ পাতৰ যথেষ্ট মিল আছে। গা গছজোপা বা ডালতে ফুল ফুলে আৰু একোটা থোপাত ১৮–৬৮পাহ ফুল থাকে। ফুলবোৰ সুগন্ধি আৰু ৫টা পাহিযুক্ত ১০–৩০ মিলিমিটাৰ দীঘল হয়। ইয়াৰ ৰং হালধীয়া সেউজীয়াৰ পৰা ৰঙা বেঙুনীয়া ৰঙৰ।[5] ফলটো উপবৃত্তাকাৰ, দীঘলীয়া আৰু ই প্ৰায় ৪ – ১০ চে.মি. দৈৰ্ঘ্যৰ। কেতিয়াবা ই ৫ কোণীয়া হয়।[6] পকিলে পাতল সেউজীয়াৰ পৰা হালধীয়া সেউজীয়ালৈ ৰং ধৰে।[4] ফলবোৰ সাধাৰণতে কেঁচাকৈ ফল হিচাপে খোৱা নহয়। ফলবোৰ প্ৰায়ে সংৰক্ষিত কৰি সোৱাদবৰ্ধক হিচাপে ব্যৱহাৰ কৰা হয়। ই ইণ্ডোনেছিয়াৰ বহুতো খাদ্য সামগ্ৰীৰ এটা মূল উপাদান।[7]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.