বিপুল খাটনিয়াৰ
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
বিপুল খাটনিয়াৰ (জন্ম: ১৯৫৩-২০২১ ) (ইংৰাজী: Bipul Khataniyar) আছিল অসমৰ এগৰাকী গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অনুবাদক। তিনিমহীয়া অসমীয়া আলোচনী নতুন পৃথিৱীত গল্প লিখিবলৈ আৰম্ভ কৰা বিপুল খাটনিয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমীয়া গল্প-সাহিত্যৰ এখন পৰিচিত মুখ হৈ উঠে৷ তেখেতৰ প্ৰথমখন গল্প-সংকলন খোজৰ শব্দ প্ৰকাশিত হৈছিল ১৯৮০ চনত৷ তেখেতৰ গল্পত সৰ্বসাধাৰণৰ সুখ-দুখৰ প্ৰতিবিম্ব ফুটি উঠে বুলি কোৱা হয়৷ [1] খাটনিয়াৰৰ সাহিত্য-দৰ্শনত সমাজতান্ত্ৰিক বাস্তৱতা পৰিলক্ষিত হয়৷ [3] তেখেত সত্তৰ দশকৰ শেষৰফালে আৰম্ভ হোৱা ‘নতুন সাহিত্য পৰিষদ’ৰ অন্যতম প্ৰতিষ্ঠাপক সংগঠক আছিল৷[4]
বিপুল খাটনিয়াৰ Bipul Khataniyar | |
---|---|
জন্ম | ২৭ আগষ্ট, ১৯৫৩ শ'লগুৰি, শিৱসাগৰ [1][2] |
মৃত্যু | ৪ জুলাই, ২০২১ (৬৭ বছৰ) গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | নৃতত্ত্ব বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী |
শিক্ষানুষ্ঠান |
|
পেচা | ভাৰতৰ নৃতত্ত্ব আৰু ভূতত্ত্ব জৰীপ বিভাগত বিষয়া (২০১৩ চনত অৱসৰ) |
সক্ৰিয় হৈ থকা সময় | ১৯৮০-২০২১ |
জনা যায় | গল্পকাৰ, অনুবাদক, প্ৰবন্ধকাৰ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সাহিত্য অকাডেমি বঁটা |
বিপুল খাটনিয়াৰৰ জন্ম হৈছিল ১৯৫৩ চনৰ ২৭ আগষ্টত ৷ পিতৃৰ নাম সিংহেশ্বৰ খাটনিয়াৰ আৰু মাতৃৰ নাম হেমলতা খাটনিয়াৰ৷ জন্মস্থান আছিল শিৱসাগৰ জিলাৰ শ'লগুৰি ৷ তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে তিনিচুকীয়া জিলাৰ দেওশাল অঞ্চলত৷ ১৯৬৯ চনত শিৱসাগৰৰ বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰা খাটনিয়াৰে ১৯৭৩ চনত কলেজীয়া শিক্ষা লয় শিৱসাগৰ কলেজৰ পৰা৷ পাছলৈ তেখেতে ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব আৰু ভূত্ত্বক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে ৷ [3]
১৯৭৭ চনত সহকাৰী ভূতত্ববিদ হিচাপে ভূতত্ব আৰু খনি সঞ্চালকায়লয়ত চাকৰি জীৱন আৰম্ভ কৰা খাটনিয়াৰে ২০১৩ চনৰ ৩১ আগষ্টত সেই কৰ্মৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ [1]
সাহিত্য অনুষ্ঠান নতুন সাহিত্য পৰিষদৰ লগত তেখেত জন্মলগ্নৰে পৰা জড়িত হৈ আছিল৷ দুটা কাৰ্যকাল তেখেতে ৰাজ্যিক সম্পাদকৰো দায়িত্ব পালন কৰিছে৷ পৰিষদৰ মুখপত্ৰ নতুন সাহিত্য খাটনিয়াৰে সম্পাদনা কৰিছিল৷ [3]
বিপুল খাটনিয়াৰে লিখা গল্পৰ সংখ্যা একাধিক৷ তদুপৰি তেখেতে কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছে ৷ [2] অসমৰ সাহিত্য-সমালোচক অৰিন্দম বৰকটকীয়ে তেখেতৰ সাহিত্য-ৰচনাৰ কথা সুঁৱৰি কয় যে,- "তেখেতৰ শক্তিশালী, প্ৰত্যয়ী আৰু দায়বদ্ধ খোজৰ শব্দ অসমীয়া সাহিত্যত সদায় থাকি যাব৷"[উদ্ধৃতিৰ প্ৰয়োজন]
২০২১ চনৰ ৪ জুলাই তাৰিখে বিয়লি ৪ বাজি ৫৫ মিনিটত দিছপুৰ পলিক্লিনিকত সাহিত্যিক বিপুল খাটনিয়াৰৰ দেহাৱসান ঘটে৷ তেখেত দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল৷ [3][2]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.