বিনতা
হিন্দু ধৰ্মত গৰুড়ৰ মাতৃ / From Wikipedia, the free encyclopedia
বিনতা (সংস্কৃত: विनता) আছিল প্ৰজাপতি দক্ষৰ কণ্যা আৰু ঋষি কাশ্যপৰ পত্নী। বিনতা প্ৰজাপতি দক্ষৰ তেৰগৰাকী কন্যাৰ মাজৰ এগৰাকী আছিল আৰু ১২ গৰাকী ভগ্নীৰ সৈতে কাশ্যপৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। বিনাতাক চৰাই বা পক্ষীকুলৰ মাতৃ বুলিও কোৱা হয়। বিনতাই অৰুণ আৰু গৰুড় (সুপৰ্ণা) নামৰ দুজন পুত্ৰ সন্তানৰ জন্ম দিছিল।[1]