বাঙালী মুছলিম, বঙালী মুছলিম, বাঙালী মুছলমান বা বঙালী মুছলমান (বঙালী: বাঙালি মুসলমান; pronounced [baŋali musɔlman])[1][2] হ'ল সেই ইছলাম ধৰ্মাৱলম্বী লোক যিয়ে নিজকে জাতিগত, ভাষিক আৰু বংশগতভাৱে বাঙালী বুলি পৰিচয় দিয়ে। বাঙালীসকলৰ প্ৰায় দুই তৃতীয়াংশ লোকেই মুছলিম। মুছলিমসকলৰ মাজত, আৰবসকলৰ পাছতেই বাঙালীসকল আতাইতকৈ ডাঙৰ গোট।[3][4] বাঙালী মুছলিমৰ বাংলাদেশত সংখ্যাগড়িষ্ঠতা আছে। তদুপৰি, ভাৰতপশ্চিম বংগ, ত্ৰিপুৰা আৰু অসম ৰাজ্যত বাঙালী মুছলিম সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়।[5]

Thumb
১৯০৯ চনত মুছলিম বাঙালীৰ সংখ্যাগড়িষ্ঠতা থকা জিলাসমূহ সেউজীয়া ৰঙেৰে দৰ্শোৱা হৈছে

বাঙালী মুছলিমসকলে বাংলা ভাষামাতৃভাষা জ্ঞান কৰে আৰু প্ৰায় এই ভাষা ব্যৱহাৰ কৰে। বাঙালী মুছলিমৰ সৰহসংখ্যক ছুন্নী যি হানাফি বিধি মানি চলে।

ইতিহাস

মধ্যযুগৰ মুছলিম প্ৰাচ্যত বংগ অঞ্চল এক অগ্ৰণি শক্তি আছিল।[6] ইউৰোপীয় ব্যৱসায়ীসকলে মন কৰিছিল যে বংগ চুলতানী আছিল "বেপাৰ কৰিবলৈ আতাইতকৈ ধনী দেশ"।[7] ঔৰংগজেবৰ শাসনকালত, বংগৰ পূব অঞ্চল আছিল বংগ চুবা,[8] যাৰ গড়িষ্ঠসংখ্যক লোক আছিল ইছলাম ধৰ্মাৱলম্বী। এই বংগ চুবাৰ প্ৰজা আছিল সমগ্ৰ বিশ্বতেই আতাইতকৈ চহকী, তেওঁলোকৰ বাস্তৱ মজুৰি আছিল বিশ্বৰ ভিতৰতে আতাইতকৈ অধিক।[9][10][11] বংগৰ ৰাজপ্ৰতিনিধি মহম্মদ আজম শ্বাহে সাম্ৰাজ্যৰ সিংহাসন লাভ কৰিছিল। অষ্টদশ শতিকাত, বংগৰ নবাবসকলৰ অধীনত মুগল বংগ লাহে লাহে অধিক স্বতন্ত্ৰ হ'বলৈ ধৰিল।[12]

বাঙালী মুছলিম লোকৰ জন্ম হ'ল মুছলিম আৰু বাঙালী সংস্কৃতিৰ সংমিশ্ৰণেৰে। ১৯৪৭ চনত হোৱা ভাৰতৰ বিভাজনৰ পাছত বাঙালী মুছলিমসকল আছিল পাকিস্তানৰ সৰ্ববৃহৎ গোষ্ঠী। কিন্তু ১৯৭১ চনত বাঙালী মুছলিমৰ সংখ্যাগড়িষ্ঠতা থকা পূব পাকিস্তান, পাকিস্তানৰ পৰা আতৰ হৈ এক স্বাধীন দেশ হ'ল, যাৰ নাম দিয়া হ'ল বাংলাদেশ

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.