বশিষ্ঠ
From Wikipedia, the free encyclopedia
বশিষ্ঠ (সংস্কৃত: वसीष्ठ ) হৈছে এগৰাকী প্ৰখ্যাত আৰু প্ৰাচীনতম বৈদিক ঋষি।[3][4] তেওঁ সপ্তৰ্ষি অৰ্থাৎ ভাৰতীয় সভ্যতাৰ সাতগৰাকী মহান ঋষিৰ অন্যতম। বশিষ্ঠক ঋকবেদৰ সপ্তম মণ্ডলৰ মূল ৰচয়িতা হিচাপে কৃতিত্ব প্ৰদান কৰা হয়।[5] ঋকবেদৰ ১০.১৬৭.৪ নং শ্লোকত বশিষ্ঠ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে উল্লেখ আছে। [note 1] অন্যান্য ঋকবৈদিক মণ্ডল আৰু বৈদিক সাহিত্যতো তেওঁলোকৰ উল্লেখ পোৱা যায়।[8][9][10] বশিষ্ঠৰ ধ্যান-ধাৰণাসমূহ প্ৰভাৱশালী আছিল আৰু আদি শংকৰে তেওঁক হিন্দু দৰ্শনৰ বেদান্ত গুৰুকুলৰ প্ৰথমগৰাকী ঋষি বুলি অভিহিত কৰিছে। [11]
বশিষ্ঠ | |
---|---|
শিৰোনাম | সপ্তৰ্ষি |
ব্যক্তিগত | |
ধৰ্ম | হিন্দু ধৰ্ম |
দাম্পত্যসংগী | অৰুন্ধতী |
সন্তান |
যোগ বশিষ্ঠ, বশিষ্ঠ সংহিতা, অগ্নি পুৰাণৰ কোনো কোনো সংস্কৰণ[12] আৰু বিষ্ণু পুৰাণ ৰচনাৰ কৃতিত্বও তেওঁকেই দিয়া হৈছে। ইচ্ছাপূৰণ কৰা গাইগৰু কামধেনু আৰু নন্দিনীৰ মালিকীস্বত্বকে আদি কৰি বহুসংখ্যক কাহিনীৰো বিষয়বস্তুৰ ৰূপত বশিষ্ঠক উপস্থাপন কৰা হৈছে। ঋষি বিশ্বামিত্ৰৰ সৈতে হোৱা এক মতানৈক্যৰ কাহিনীৰো তেওঁ নায়ক।[4][13][14] ৰামায়ণত বশিষ্ঠ হৈছে ৰঘূবংশৰ কুলগুৰু তথা ৰাম আৰু তেওঁৰ ভ্ৰাতৃসকলৰ শিক্ষাগুৰু।