মছলাৰ গ্ৰহ (ঘাঁহ) From Wikipedia, the free encyclopedia
ববচা বন (বৈজ্ঞানিক নাম: Eleusine indica, ইংৰাজী নাম: Indian goosegrass,[1] yard-grass,[2] goosegrass, wiregrass, বা crowfootgras; হিন্দী নাম: মালুকুৰি) হৈছে প’এচি (Poaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বন।
ববচা বন | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Angiosperms |
বৰ্গ: | Poales |
পৰিয়াল: | Poaceae |
গণ: | Eleusine |
প্ৰজাতি: | Eleusine indica |
বৈজ্ঞানিক নাম | |
Eleusine indica |
ববচা বন পৃথিৱীৰ প্ৰায়বোৰ নাতিশীতোষ্ণ অঞ্চলত বিস্তৃত হৈ আছে। কিছু অঞ্চলত এই ঘাঁহ বহিৰাগত প্ৰজাতি (invasive species) হিচাপেও পৰিগণিত হৈছে।
ববচা বন মূলতে এবছৰহে জীয়াই থাকে যদিও কোনো কোনো অঞ্চলত ই এবছৰৰ অধিক জীয়াই থকাও দেখা যায়।
এই বনৰ পুলিটো ডাঙৰ হৈ শাখা-প্ৰশাখা ওলাই জোপোহা ৰূপো ধাৰণ কৰা দেখা যায়। ইয়াৰ শিপাবোৰ চুলি একোছাৰ দৰে।[3]
ববচা বনৰ ফুলৰ বৰণ সেউজবুলিয়া। ইয়াৰ পুষ্প গুচ্ছ সামান্য হয়।[3]
ববচা বনৰ গুটি খাব পাৰি। এই বন বহু খেতি পথাৰ, ফুলনি আদিত অপতৃণ হিচাপে গণ্য কৰা হয়।
অসমৰ বহুতো ঠাইত ববচা বন বৰশীৰ মাছ গাঁথিবলৈ ব্যৱহাৰ কৰা হয়। বৰশীৰে ধৰা মাছৰ কাণেদি ভৰাই মুখেদি উলিয়াই গাঁথি লয়।[উদ্ধৃতিৰ প্ৰয়োজন]
তেনেদৰে ববচা বনবোৰৰ আগটো কাটি জোৰা দি দীঘলীয়া কৰি লৈ তলসৰা শেৱালি আৰু বকুল ফুলৰ মালাও গঁথা যায়! বিশেষকৈ ব'হাগৰ দ্বিতীয় দিনৰ 'গোঁসাই বিহু' ত অসমীয়াই ববচা বনেৰে গঁথা বকুলৰ মালা গোঁসাইঘৰত আঁৰি থোৱাৰ পৰম্পৰা আছে।[উদ্ধৃতিৰ প্ৰয়োজন]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.