বন্ধুত্ব উদযাপন কৰা দিৱস From Wikipedia, the free encyclopedia
আন্তৰ্জাতিক বন্ধুত্ব দিৱস (ইংৰাজী: International Friendship Day) প্ৰতি বছৰৰ আগষ্ট মাহৰ প্ৰথম দেওবাৰে বিশ্বব্যাপি পালন কৰা হয়।[1]
বন্ধুত্ব দিৱস | |
---|---|
বন্ধুত্বৰ চিন স্বৰূপে এজন বন্ধুয়ে আন এজনৰ হাতত বন্ধা বন্ধুত্বৰ জৰী বা friendship bracelet | |
সম্পূৰ্ণ নাম | আন্তৰ্জাতিক বন্ধুত্ব দিৱস |
অন্য নাম | ফ্ৰেণ্ডশ্বিপ ডে |
প্ৰকাৰ | ঐতিহাসিক |
তাৰিখ | আগষ্ট মাহৰ প্ৰথম ৰবিবাৰ |
সম্পৰ্কিত | বন্ধু প্ৰেম |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
১৯১৯ চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলে বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল। বহুতে আগষ্টৰ প্ৰথম দেওবাৰে বন্ধুসকললৈ কাৰ্ড পঠাইছিল। কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হয়। ১৯৩৫ চনত আমেৰিকান কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ’ব। সেইদিনাৰ পৰা বন্ধুত্ব দিৱস জাতীয় উদযাপিত দিনবোৰৰ ভিতৰত অন্যতম ৰূপে স্বীকৃতি পায়। অতি শীঘ্ৰে ই জনপ্ৰিয় হৈ পৰে আৰু আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ৰূপ লাভ কৰে। আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ধাৰণা ১৯৫৮ চনৰ ২০ জুলাই ড॰ আৰ্টেমিঅ ব্ৰাচ'(Artemio Bracho) দ্বাৰা প্ৰস্তাৱিত হয়। তেওঁ তেতিয়া তেওঁৰ বন্ধুসকলৰ লগত পুয়েৰ্তো পিনাক্স'ত (আচোনচিয়ন, পাৰাগুৱেৰ পৰা প্ৰায় ২০০ মাইল দূৰত নদীৰ পাৰত অৱস্থিত এখন চহৰত ৰাতিৰ আহাৰ খাই আছিল। বন্ধুত্ব দিৱস বিভিন্ন দেশত বিভিন্ন তাৰিখে পালন কৰা হয়। ১৯৫৮ চনত প্ৰথম আন্তৰ্জাতিক বন্ধুত্ব দিৱস ৩০ জুলাই কৰাৰ বাবে প্ৰস্তাৱিত হৈছিল। ২৭ এপ্ৰিল ২০১১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ৩০ জুলাই Official International Friendship Day ঘোষিত হয়। ভাৰতসহ কিছু দেশত আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে উদযাপন কৰা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.