From Wikipedia, the free encyclopedia
বনানী (ইংৰাজী: Banani) হৈছে জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯০ চনত মুক্তি লভা বোলছবিখনত অভিনয় কৰে বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা আদিয়ে। সংগীত পৰিচালনা সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈৰ।[1] বোলছবিখনৰ কাহিনী পৰিৱেশ সুৰক্ষা সম্পৰ্কত আৰু ই পৰিৱেশ সম্পৰ্কীয় শ্ৰেষ্ঠ বোলছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
বনানী Banani | |
---|---|
চলচ্চিত্ৰখনৰ প'ষ্টাৰ | |
পৰিচালক | জাহ্নু বৰুৱা |
ৰচনা | সুশীল গোস্বামী জাহ্নু বৰুৱা |
চিত্ৰনাট্য | জাহ্নু বৰুৱা |
প্ৰযোজক | ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড |
অভিনয়ত | বিষ্ণু খাৰঘৰীয়া মৃদুলা বৰুৱা সুশীল গোস্বামী মনামী বেজবৰুৱা |
চিত্ৰগ্ৰহণকাৰী | অনুপ জোটৱানী |
সম্পাদনা | হিউয়েন বৰা |
সংগীত পৰিচালক | সত্য বৰুৱা প্ৰশান্ত বৰদলৈ |
প্ৰযোজনা কোম্পানী |
পূৰ্বাঞ্চল ফিল্ম কোঅ'পাৰেটিভ ছ'ছাইটী |
পৰিবেশক | ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড |
মুক্তি |
১৯৯০ |
দৈৰ্ঘ্য |
১০৮ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
জনজাতীয় লোকসকলৰ হৈ এজন বন বিষয়াই অবৈধ কাঠ ব্যৱসায়ী আৰু ঠিকাদাৰৰ সন্মুখত বাধা হিচাপে ঠিয় দিয়ে। তেওঁৰ এনে কাৰ্যকলাপৰ ফলত তেওঁৰ কৰ্মস্থান সঘনে বদলি হ'বলৈ ধৰে। তেওঁৰ পত্নীয়ে তেওঁৰ ৰুগীয়া সন্তানক চোৱা-চিতা কৰিবলৈ এঠাইত স্থায়ীভাৱে সংস্থাপন হ'ব বিচাৰে। কালক্ৰমত তেৱোঁ তেওঁৰ স্বামীৰ পক্ষত এই যুঁজত অৱতীৰ্ণ হয়। [1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.