১৮০০–১৯৩০ৰ দশক বংগত সামাজিক-সাংস্কৃতিক আৰু ধৰ্ম সংস্কাৰ আন্দোলন From Wikipedia, the free encyclopedia
বংগৰ নৱজাগৰণ (বাংলা ভাষাত: বাংলাৰ নবজাগৰণ) বা বাঙালী নৱজাগৰণ অষ্টদশ শতিকাৰ শেষৰ ভাগৰ পৰা বিংশ শতিকাৰ আৰম্ভণিলৈ বংগ অঞ্চলত দেখা দিয়া এক সাংস্কৃতিক, সামাজিক, বৌদ্ধিক আৰু কলাত্মক আন্দোলন।[1] ইতিহাসবিদৰ মতে এই আন্দোলনৰ গুড়ি ১৭৫৭ চনত ঘটা পলাশীৰ যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিজয় তথা ১৭৭২ৰ চনত জন্ম গ্ৰহণ কৰা সমাজ সংস্কাৰক ৰামমোহন ৰয়ৰ কৰ্মৰাজি, যাক বংগৰ নৱজাগৰণৰ জনকো বোলা হয়।[2] নিতিশ সেনগুপ্তৰ মতে এই আন্দোলনৰ অন্ত হ'ল এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে।[3]
প্ৰায় দুই শতিকাৰ বাবে বংগৰ নৱজাগৰণত দেখা গ'ল ভাৰতীয় সমাজৰ মৌলিক পৰিৱৰ্তন, আৰু বংগৰ নৱজাগৰণত বিকশিত ধাৰণাৰেই ঔপনিৱেশিকতাবাদৰ ভাৰতীয় বিৰোধ তথা ভাৰতীয় জাতীয়তাবাদ বিকশিত হ'ল।[4] বংগৰ নৱজাগৰণৰ ভেঁটি উদাৰতাবাদ আৰু আধুনিকতাবাদৰ এক সুকীয়া সংস্কৰণ।[5] সুমিত সৰকাৰৰ মতে, ঊনবিংশ আৰু বিংশ শতিকাৰ সিংহভাগতে বাঙালী নৱজাগৰণৰ গুড়িধৰোঁতাসকলক শ্ৰদ্ধা কৰা হৈছিল, কিন্তু ১৯৭০ৰ দশকৰ পাছত এই আন্দোলনৰ ঔপনিৱেশিক উৎসৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, আৰু এক সমালোচনামূলক দৃষ্টিকোণ বিকশিত হৈছে।[6]
বাঙালী হিন্দুসকলেই প্ৰমুখভাৱে বাঙালী নৱজাগৰণত নেতৃত্ব প্ৰদান কৰিছিল।[7] তাৰে মাজত ৰাজা ৰাম মোহন ৰয়, ৰবীন্দ্ৰনাথ ঠাকুৰ, সত্যেন্দ্ৰনাথ বসু আদি অন্যতম। কিন্তু সোহৰাৱাৰ্দি পৰিয়াল, কাজি নজৰুল ইছলাম আৰু ৰোকেয়া ছখাৱত হুছেইনৰ দৰে মুছলিম লোকেও বিশেষ ভূমিকা পালন কৰিছিল।[8]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.