ফতোয়া
From Wikipedia, the free encyclopedia
ফতোয়া বা ফাতওয়া (একবচনত "ফাতাওয়া" আৰবী: فتوى) আৰু বহুবচনত “ফাতাবী” (আৰবী:ﻓﺘﺎﻭﻯ) হ'ল বিধান আৰু সমাধান, যিটো কোনো ঘটনা বা অৱস্থাৰ প্ৰক্ষিতত ইছলামী শ্বৰীয়তৰ প্ৰমাণৰ আলোকত মুফতিয়ে বা ইছলামী আইন-বিশেষজ্ঞই প্ৰদান কৰি থাক।[1] যেতিয়া কোনো ব্যক্তি পোনপটীয়াকৈ কোৰআন আৰু হাদিছ কিংবা ফিকহৰ আলোকত উদ্ভূত সমস্যাৰ সমাধান বাহিৰ কৰিবলৈ অপাৰগ হয় তেতিয়া তেখেতে মুফতীৰ ওচৰলৈ গৈ এই বিষয়ৰ সমাধান বিচাৰে। এইটোক ইছলামৰ পৰিভাষাত ইছতিফতা (আৰবীত:اِسْتِفْتَاء) বোলে। মুফতিয়ে ইছলামী শ্বৰীয়তৰ আলোকত সমস্যাৰ সমাধান জনাই দিয়ে। এই সমাধান প্ৰদান কৰাক ইছলামৰ পৰিভাষাত ইফতা (আৰবীত:إِفْتَاء ) বোলে আৰু প্ৰদত্ত সমাধান বা বিধানটোক ফতোয়া বোলে।[2][3]