ফটাঢোল
From Wikipedia, the free encyclopedia
ফটাঢোল অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১৭ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি ইংৰাজী মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়। ফেচবুকৰ ‘ফটাঢোল’ গোটৰ সদস্যসমূহে গোটত প্ৰকাশিত কৰা লেখাৰপৰা সম্পাদকে প্ৰকাশৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা লেখা তথা সাহিত্য জগতৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় লেখকৰ লেখাসমূহৰ বাচকবনীয়া সংগ্ৰহক শৃংখলাবদ্ধভাৱে সজোৱাৰ উদ্দেশ্যে এই ৱেবছাইট তথা ই-আলোচনীখন মুকলি কৰা হয়। প্ৰতিমাহে ‘ফটাঢোল’ গোটৰ সক্ৰিয় সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত এজনে সম্পাদক হিচাপে গোটটোত প্ৰকাশিত লিখনিসমূহৰ মাজৰ পৰা যোগ্যসমূহ নিৰ্বাচন কৰি আলোচনীখনত প্ৰকাশৰ দিহা কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা কেইবাজনো অসমীয়াই আলোচনীখনৰ বিভিন্ন দিশসমূহৰ তত্ত্বৱধান লয়।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ফটাঢোল | |
---|---|
soft2i ফটাঢোলৰ প্ৰতীক-চিহ্ন | |
ইউ আৰ এল | fotadhol.com |
বাণিজ্যক | অব্যৱসায়িক |
ভাষা | অসমীয়া হাস্য-ব্যংগ আলোচনী es-us |
মুকলি | ১ জুলাই, ২০১৭ |
বৰ্তমান স্থিতি | প্ৰকাশিত (অনলাইন) |