From Wikipedia, the free encyclopedia
ফজলি আম বা ফকিৰভোগ হল ফলৰ ৰজা আমৰ এক প্ৰকাৰ। এই আম দক্ষিণ এছিয়াৰ বিশেষকৈ কৰে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ আৰু বিহাৰত পোৱা যায়। আমৰ অন্যান্য প্ৰজাতি সমূহতকৈ ই দেৰিকৈ ফলে। সাধাৰণতে জাম আৰু আচাৰ তৈয়াৰ কৰোঁতে ব্যৱহৃত ফজলি আম, আকাৰত বৰ ডাঙৰ হয়; এক কিলোগ্ৰাম বা তাতোকৈ বেছি ওজনৰ হব পাৰে। ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ মালদা জিলা[1] আৰু বাংলাদেশৰ ৰাজশাহী, চাঁপাইনবাবগঞ্জ জিলা ফজলি খেতিৰ বাবে বিখ্যাত।[2][3][4]
এপ্ৰিল, ২০০৮ৰ পৰা মাৰ্চ ২০০৯ ৰ মাজভাগত ভাৰত বিশ্ব বাণিজ্য সংস্থাই মালদা জিলাৰ ফজলি আমৰ বাবে ভৌগোলিক স্বীকৃতি লাভ কৰিছে।[5] বাংলাদেশতো ৰাজশাহীৰ ফজলিৰ বাবে ২০১৩ চনত ভৌগোলিক সূচক পাবলৈ ভাৱনা-চিন্তা আৰম্ভ হৈছে।[6][7]
কথিত আছে, ১৮০০ চনত মালদাৰ কালেক্টৰ ৰেভেন চাহাবে ঘোঁৰাৰ গাড়ীৰে গৌড় লৈ গৈ আছিল। পথত তেওঁৰ পিয়াহ লগাত গাঁৱৰ এক মহিলাক পানী খুজিছিল। ফজলু বিবি নামে সেই মহিলাৰ চোতালত এজোপা ডাঙৰ আমগছ আছিল। ফজলু বিবি সেই আম দি ফকিৰ-সন্ন্যাসীসকলক আপ্যায়ন কৰিছিল (সেইবাবে এই আমৰ আন এক নাম ফকিৰভোগ)। ফজলু বিবি তেওঁক পানীৰ পৰিবৰ্তে এটি আম খাবলৈ দিয়ে। আম খাই কালেক্টৰ চাহাবে ইংৰাজীত তাইক আমৰ নাম সুধিলে। বুজিব নোৱাৰি মহিলা গৰাকীয়ে তাইৰ নিজৰ নাম ক'লে। তেতিয়াৰ পৰা এই আমৰ নাম ফজলি হয়।[8][9][10]
ফজলি আম গড়ে ১৩.৮ চে.মি. দীঘল ৯.৫ চে.মি. প্ৰস্থ আৰু ৭.৮ চে.মি. উচ্চতাৰ হয়। গড়ে ওজন প্ৰায় ৬৫৪.৪ গ্ৰাম। আমটো দীঘল আৰু ঈষৎ চেপেটা। পকা আম অলপ হালধীয়া। আঁহবিহীন, ৰসাল, সুগন্ধযুক্ত, সুস্বাদু আৰু মিঠা। গুটি দীঘল, চেপেটা আৰু পাতল। এই আমৰ মিঠাৰ পৰিমাণ ১৭.৫ শতাংশ। আহাৰ-শাওন মাহত, বা সাধাৰণতে জুলাই মাহৰ পৰা ফজলি আম পকে।[8]
বিভিন্ন ধৰণৰ আমৰ উল্লেখ বঙালী সাহিত্যত বহুবাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ তেওঁৰ শেষেৰ কবিতা উপন্যাসত নায়ক অমিত ৰায়ৰ মুখেৰে ফজলি আমৰ উল্লেখ কৰিছে।[11]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.