From Wikipedia, the free encyclopedia
পৰুৱা পাত বেং (ইংৰাজী: Ornate narrow-mouthed frog, বৈজ্ঞানিক নাম: Microhyla ornata) হৈছে 'Microhylidae' বৰ্গৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি।
পৰুৱা পাত বেং | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
উপপৰ্ব: | Vertebrata |
শ্ৰেণী: | Amphibia |
বৰ্গ: | Anura |
পৰিয়াল: | Microhylidae |
গণ: | Microhyla |
প্ৰজাতি: | M. ornata |
বৈজ্ঞানিক নাম | |
Microhyla ornata (Duméril and Bibron, 1841)[2] |
এই গোটৰ ভেকুলীবোৰৰ আকাৰ সৰু। ইয়াৰ পৃষ্ঠীয় (dorsal) অংশত থকা কাঁড়চিনৰ দৰে দাগটোৰ বাবে এই ভেকুলীবিধক সহজে অন্য প্ৰজাতিৰ পৰা পৃথক কৰিব পৰা যায়। ইহঁতৰ বৰণ সাধাৰণতে হালধীয়া হয় আৰু তাতে গাঢ় মটীয়া বৰণৰ দাগ থাকে।
এই ভেকুলীবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে। ইয়াক ভাৰত, নেপাল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, শ্ৰীলংকা আৰু বাংলাদেশ আদি দেশসমূহত দেখা পোৱা যায়।[3]
পৰুৱা পাত বেং প্ৰধানত: ক্ৰন্তীয় আৰু অৰ্ধক্ৰান্তীয় তথা পৰ্ণপাতী অৰণ্য আৰু চাভানা ঘাঁহনিত দেখা পোৱা যায়। কিছুমান বাসস্থানত ইহঁতক হাতীৰ মলত বাস কৰাও দেখা যায়।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.