![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/74/Place_des_Abbesse_%2528the_plaque_with_the_je_t%2527aime%253Dte_iubesc_in_311_laguages%2529.jpg/640px-Place_des_Abbesse_%2528the_plaque_with_the_je_t%2527aime%253Dte_iubesc_in_311_laguages%2529.jpg&w=640&q=50)
প্ৰেম
মানবিক অনুভূতি আৰু আৱেগকেন্দ্ৰিক এক অভিজ্ঞতা / From Wikipedia, the free encyclopedia
প্ৰেম (ইংৰাজী: Love) এক মানবিক অনুভূতি আৰু আৱেগকেন্দ্ৰিক এক অভিজ্ঞতা।[1] বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিৰ্প্ৰকাশ হৈছে প্ৰেম।[2][3] তথাপি প্ৰেমক বিভিন্ন দৃষ্টিকোণৰ পৰা ভাগ কৰা হয়। আৱেগধৰ্মী প্ৰেম সাধাৰণতে গভীৰ হয়, বিশেষ কাৰোবাৰ সৈতে নিজৰ সকলো মানবীয় অনুভূতি ভাগ কৰা, আনকি শাৰীৰিক সম্পৰ্ককো এই ধৰণৰ প্ৰেমৰ পৰা পৃথক কৰা নাযায়। প্ৰেম বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে: নিষ্কাম প্ৰেম, ধৰ্মীয় প্ৰেম, আত্মীয়সকলৰ প্ৰতি প্ৰেম, ঘৰৰ কোনো পোহনীয়া প্ৰাণী বা বস্তুৰ প্ৰতি অতিৰিক্ত স্নেহ প্ৰায় সময়ত খুব আনন্দদায়ক হ'ব পাৰে... আনকি কোনো কাম কিম্বা খাদ্যৰ প্ৰতিও প্ৰেম থাকিব পাৰে, আৰু এই অতি আনন্দদায়ক অনুভূতিই হল প্ৰেম।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/7/74/Place_des_Abbesse_%28the_plaque_with_the_je_t%27aime%3Dte_iubesc_in_311_laguages%29.jpg/640px-Place_des_Abbesse_%28the_plaque_with_the_je_t%27aime%3Dte_iubesc_in_311_laguages%29.jpg)