![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/20/Priyamani_at_Filmfare_Awards_South_%2528cropped%2529.jpg/640px-Priyamani_at_Filmfare_Awards_South_%2528cropped%2529.jpg&w=640&q=50)
প্ৰিয়ামণি
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
প্ৰিয়া বাসুদেব মণি আয়াৰ (ইংৰাজী: Priya Vasudev Mani Iyer, জন্ম ৪ জুন ১৯৮৪) প্ৰিয়ামণি হিচাবে পৰিচিত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী গৰাকী প্ৰাক্তন মডেল, তেওঁ তেলুগু, কন্নড়, তামিল, মালায়ালাম আৰু হিন্দী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ জাতীয় চলচ্চিত্ৰ বঁটাৰ লগতে বিভিন্ন ভাষাৰ চলচ্চিত্ৰৰ তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
প্ৰিয়ামণি | |
---|---|
![]() | |
জন্ম | প্ৰিয়া বাসুদেব মণি আয়াৰ[1] ৪ জুন, ১৯৮৪ (৪০ বছৰ)[2][3][4] বেঙ্গালুৰু, কৰ্ণাৰত, ভাৰত |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০১৩-বৰ্তমানলৈ |
উচ্চতা | ১.৬৮ মিটাৰ (U=ft}})[1] |
দাম্পত্যসঙ্গী | মুস্তাফা ৰাজ (বি. ২০১৭) |
আত্মীয়-স্বজন | চাওক প্ৰিয়ামণি পৰিয়াল |
বেঙ্গালুৰুত জন্ম আৰু ডাঙৰ হোৱা প্ৰিয়ামণিয়ে চলচ্চিত্ৰত কেৰিয়াৰৰ গঠন কাৰাৰ আগতে মডেল হিচাবে কাম কৰিছিল। ২০০২ চনত, তেওঁ বক্স অফিচত ফ্লপ হোৱা তেলুগু ছবি 'এভেৰ আটাগাডু' (২০০৩) -ত প্ৰধান চৰিত্ৰত অভিনয় কৰি আত্মপ্ৰকাশ কৰিছিল। ২০০৭ চনত তামিল ৰোমাণ্টিক নাটক 'পাৰুথিভেৰান'ত তেওঁ গাঁৱলীয়া বালিকা মুথাজাগীৰ চৰিত্ৰত অভিনয়ৰ কৰাৰ বাবে ব্যাপক পৰিচিত অৰ্জন কৰিছিল, সেই অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ জাতীয় চলচ্চিত্ৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। সেই বৰ্ষতে তেওঁ এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত আৰ্থ-কল্পনা চলচ্চিত্ৰ 'ইয়ামডোঙ্গা'ৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত বাণিজ্যিকভাৱে সাফল্য অৰ্জন কৰিছিল।[5] ২০০৮ চনত, প্ৰিয়ামণি মালায়ালাম ৰোমাঞ্চ 'থিৰাক্কাথা'ত মালবিকা চৰিত্ৰত অভিনয়ৰ বাবে আৰু সমালোচিত প্ৰশংসা পাইছিল আৰু শ্ৰেষ্ঠ অভিনেত্ৰী - মালায়ালামৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[6] পিছৰ বছৰত কন্নড় ছবিত তেওঁ প্ৰথম অভিনয়ত আহিছিল ৰোমাণ্টিক কমেডী ৰামৰ সৈতে, যি এটি ডাঙৰ সমালোচনা আৰু বাণিজ্যিকভাৱে সাফল্য ছবি হিচাবে প্ৰমাণিত হৈছিল। প্ৰিয়মণি মণি ৰত্নমৰ দ্বিভাষিকৰ জৰিয়তে যথাক্ৰমে ৰাৱণ আৰু ৰাৱণন শিৰোনামৰ তামিল আৰু হিন্দী মহাকাব্য চলচ্চিত্ৰৰ জৰিয়তে তেওঁ হিন্দী চলচ্চিত্ৰৰ সূচনা কৰিছিল। ২০১২ চনত, 'থাই ফিল্ম এলন'ৰ ওপৰত ভিত্তি কৰি বহুভাষিক ছবি 'চাৰুলথা'ত তেওঁ সমালোচনা প্ৰশংসা আৰু ফিল্মফেয়াৰত তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা অৰ্জন কৰিছিল। তেওঁ কন্নড়/তেলুগু থ্ৰিলাৰ ফিল্ম আইডল ৰামায়ণ (২০১৬)/মন ওৰি ৰামায়ণাম (২০১৬) ৰ ভূমিকাত আৰু সাফল্য অৰ্জন কৰিছিল, য’ত তেওঁক ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সহায়ক অভিনেত্ৰীলৈ মনোনীত কৰিছিল। বৰ্তমান তেওঁ দক্ষিণ ভাৰতীয় টেলিভিচনৰ অনুষ্ঠানগত সক্ৰিয়, তেওঁ কিছুমান নৃত্যৰ ৰিয়েলিটি শ্ব’টো বিচাৰক হিচাপে কাম কৰিছিল। ২০১৯ চনৰ চেপ্তেম্বৰত প্ৰচাৰিত এমাজন চিৰিজত ‘দ্য ফেমেলি মেন’ৰ ভূমিকাত তেওঁ প্ৰশংসা পাইছিল।