From Wikipedia, the free encyclopedia
প্ৰিয়ংকা গোস্বামী (ইংৰাজী: Priyanka Goswami; জন্ম: ১০ মাৰ্চ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ২০ কিলোমিটাৰ ৰেচ ৱাকত অংশগ্ৰহণ কৰে।[1][2] টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ ১৭ নম্বৰ স্থান দখল কৰিছিল।[3][4] ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ ১০০০০ মিটাৰ খোজকাঢ়ি ৰূপৰ পদক লাভ কৰিছিল।[5][6] তেওঁ ১০,০০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰি ৰেচ ৱাকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।[7]
প্ৰিয়ংকা গোস্বামী | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
জন্ম | ১০ মাৰ্চ, ১৯৯৬ (২৮ বছৰ) মুজাফৰ নগৰ, উত্তৰ প্ৰদেশ, ভাৰত | ||||||||||||
ক্ৰীড়া | |||||||||||||
শিতান | ২০ কিলোমিটাৰ ৰেচ ৱাক | ||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||
ৰাষ্ট্ৰীয় ফাইনেল | ২০১৭, ২০২১ | ||||||||||||
ব্যক্তিগত শ্ৰেষ্ঠ | ১:২৮.৪৫ (২০২১) | ||||||||||||
পদক অভিলেখ
|
গোস্বামীয়ে এথলেটিকছলৈ অহাৰ পূৰ্বে কেইমাহমানৰ বাবে স্কুলত জিমনাষ্টিক অনুশীলন কৰিছিল। সফল প্ৰতিযোগীসকলৰ বাবে আগবঢ়োৱা পুৰস্কাৰৰ বাবেই তেওঁ দৌৰাৰ প্ৰতি আকৰ্ষিত হৈছিল।[8]
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ২০ কিলোমিটাৰ দৌৰত ভাৰতীয় ৰেচৱাকিং চেম্পিয়নশ্বিপ জয় কৰি ১:২৮.৪৫ ৰ নতুন ভাৰতীয় অভিলেখ গঢ়ি ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে।[2][9] ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ ইণ্ডিয়ান ৰেচৱাকিং চেম্পিয়নশ্বিপ খিতাপ লাভ কৰিছিল।[1]
তেওঁ ভাৰতীয় ৰে'লৱেৰ অ' এছ হিচাপে কৰ্মৰত।[8]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.