প্ৰসাদ
হিন্দু আৰু শিখ ধৰ্মত দেৱতাৰ নামত উৎসৰ্গিত খাদ্য বস্তু / From Wikipedia, the free encyclopedia
প্ৰসাদ (Sanskrit: प्रसाद,) হৈছে দেৱতাৰ নামত উৎসৰ্গিত খাদ্য বস্তু। প্ৰসাদ মূলতঃ নিৰামিষ বৈশিষ্ট্যৰ হ'লেও শাক্ত ধৰ্মত আমিষ প্ৰসাদো দেৱতাৰ বাবে আগবঢ়োৱা হয়। প্ৰসাদ বিশেষভাৱে ভক্তসকলে কোনো দেৱতাক আৰাধনা কৰি বা ধন্যবাদৰ সূচকভাৱে আগবঢ়াই। মহাপ্ৰসাদ (ভাণ্ডাৰা বুলিও কোৱা হয়),[1] হৈছে হিন্দু মন্দিৰত দেৱতাক আগবঢ়োৱা পবিত্ৰ খাদ্য, আৰু এই প্ৰসাদ দেৱতালৈ বুলি উৎসৰ্গা কৰাৰ পিছত যিকোনো অভিমুখ নিৰ্বিশেষে সকলো ভক্তৰ মাজত বিতৰণ কৰে আৰু এই ভোজনত ভক্ত সকলে অংশগ্ৰহণ কৰে।[2][3][4]
প্ৰসাদ, নৈবেদ্য (সংস্কৃত: वेद्य) শব্দটোৰ লগত ওতপ্ৰোতভাৱে জড়িত। ঈশ্বৰক আগবঢ়োৱা খাদ্যক নৈবেদ্য বুলি কোৱা হয়, আনহাতে ঈশ্বৰে পবিত্ৰ কৰি আশীৰ্বাদ হিচাপে ঘূৰাই দিয়া পবিত্ৰ খাদ্যক প্ৰসাদ বোলা হয়।