![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/1e/Prabhat_sarma_musician.jpg/640px-Prabhat_sarma_musician.jpg&w=640&q=50)
প্ৰভাত শৰ্মা
ভাৰতীয় সংগীতজ্ঞ / From Wikipedia, the free encyclopedia
প্ৰভাত শৰ্মা (ইংৰাজী: Prabhat Sarma; ৭ জুলাই ১৯৩৫ - ২ মাৰ্চ ২০২১) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক। তেওঁ ১৯৬০ৰ দশকৰ পৰা ১৯৯০ৰ দশকৰ শেষচোৱালৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট আছিল। ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
প্ৰভাত শৰ্মা | |
---|---|
![]() | |
জন্ম | ৭ জুলাই, ১৯৩৫ সুন্দৰীদিয়া সত্ৰ, বৰপেটা জিলা |
মৃত্যু | ২ মাৰ্চ, ২০২১ (৮৫ বছৰ)[1] গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ![]() |
পেচা | সংগীতজ্ঞ, বাঁহী বাদক, লোকসংগীত শিল্পী, সংগীত পৰিচালক |
দাম্পত্যসঙ্গী | ৰেণু শৰ্মা |
পিতৃ-মাতৃ | গিৰীশ চন্দ্ৰ দেৱ শৰ্মা (পিতৃ) দময়ন্তী প্ৰিয়া দেৱী (মাতৃ) |
সন্তান | তৰালি শৰ্মা পূৰৱী শৰ্মা কৰৱী শৰ্মা |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শিল্পী দিৱস বঁটা, ২০০১ সংগীত নাটক একাডেমী বঁটা, ২০০৪ |
তেওঁ অসমৰ থলুৱা বাদ্যযন্ত্ৰীক লৈ 'পাঞ্চজন্য শংখধ্বনি' নামৰ এটি সুৰসমলয় দল গঠন কৰিছিল। পিছলৈ ইয়াক 'দেৱগান্ধাৰ' নামেৰে নামকৰণ কৰা হয়। 'ব্লেকমানী', 'সন্তান', 'সন্ধ্যাৰাগ', 'সাৰথি', 'আপোনজন', 'মোহমুক্তি', 'অনল', 'কদমতলে কৃষ্ণ নাচে', 'শ্ৰীমন্ত শঙ্কৰদেৱ' ইত্যাদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক ৰূপে কাম কৰাৰ উপৰিও দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত প্ৰচাৰিত ধাৰাবাহিক 'পথৰুঘাটে ৰিঙিয়ায়' আৰু 'বৃকোদৰ বৰুৱাৰ বিয়া' ত তেওঁ সংগীত পৰিচালনা কৰিছিল।
২০০১ চনত তেওঁক অসম চৰকাৰে 'শিল্পী দিৱস বঁটা' প্ৰদান কৰে। অসমীয়া লোকসংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।[2] ২০২১ চনৰ ২ মাৰ্চত তেওঁৰ মৃত্যু হয়।[1]