![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/ae/Pele_-_World_Economic_Forum_Annual_Meeting_Davos_2006.jpg/640px-Pele_-_World_Economic_Forum_Annual_Meeting_Davos_2006.jpg&w=640&q=50)
পেলে
ব্ৰাজিলিয়ান ফুটবল খেলুৱৈ / From Wikipedia, the free encyclopedia
এড্ছন আৰাণ্টিছ ড' নাচিমেণ্ট' (Edson Arantes do Nascimento) (Brazilian Portuguese: [ˈɛtsõ (w)ɐˈɾɐ̃tʃiz du nɐsiˈmẽtu]), বা Pelé (Brazilian Portuguese: [pe̞ˈlɛ], জন্মৰ প্ৰমাণপত্ৰত নামটো "এডিছন" বুলি দিয়া হৈছিল, জন্ম ২১ অক্টোবৰ ১৯৪০- কিন্তু পেলেৰ মতে তেওঁৰ জন্ম ২৩ অক্টোবৰতহে হৈছিল[1]), এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। তেওঁক বহু কুশলী ব্যক্তি, সমালোচক, পূৰ্বৰ বা বৰ্তমানৰ খেলুৱৈ আৰু গুণগ্ৰাহীয়ে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।[13] ১৯৯৯ চনত International Federation of Football History & Statistics সংস্থাই তেওঁক শতিকাৰ বিশ্ব খেলুৱৈ (World Player of the Century) উপাধি প্ৰদান কৰে।[14] একে বছৰতে প্ৰভাৱশালী France Football আলোচনীয়ে পূৰ্বৰ বেলন ডিঅ'ৰ বিজয়ীসকলক শতিকাৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ বাছনি কৰিবলৈ অনুৰোধ কৰে। পেলেই ইয়াত প্ৰথম স্থান দখল কৰে।[15] ১৯৯৯ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে পেলেক "শতিকাৰ এথলীট" আখ্যা দিয়ে আৰু তেওঁ টাইম (আলোচনী)ৰ বিংশ শতিকাৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাতো স্থান পায়।[16]২০১৩ চনত তেওঁ কেৰিয়াৰ আৰু সফলতাৰ বাবে ফিফা বেলন ডিঅ'ৰ সন্মান লাভ কৰে।[17]
![]() ২০১৭ চনত পেলে | |||
ব্যক্তিগত তথ্য | |||
---|---|---|---|
সম্পূৰ্ণ নাম | এড্ছন আৰাণ্টিছ ড' নাচিমেণ্ট'[1] | ||
জন্ম | ২৩ অক্টোবৰ, ১৯৪০ (৮৩ বছৰ)[1] | ||
জন্মস্থান | ট্ৰে ক'ৰেক'ছ, ব্ৰাজিল | ||
মৃত্যু | ২৯ ডিচেম্বৰ, ২০২২ (৮২ বছৰ) [2] | ||
উচ্চতা | 1.73 মিটাৰ (U=ft}}) | ||
খেলা স্থান | ফৰৱাৰ্ড[3][4][5][6] এটেকিং মিড্ফিল্ডাৰ[7][8][9][10][11] | ||
যুৱ কেৰিয়াৰ | |||
১৯৫৩-১৯৫৬ | Bauru Atlético Clube | ||
চিনিয়'ৰ কেৰিয়াৰ* | |||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† |
১৯৫৬-১৯৭৪ | ছেণ্ট'ছ | ৬৩৮ | (৬১৯) |
১৯৭৫-১৯৭৭ | নিউ য়ৰ্ক ক'ছম'ছ[12] | ৫৬ | (৩১) |
মুঠ | ৬৯৪ | (৬৫০) | |
ৰাষ্ট্ৰীয় দল | |||
১৯৫৭-১৯৭১ | ব্ৰাজিল | ৯২ | (৭৭) |
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে। |
IFFHS-ৰ মতে ৫৪১টা লীগ গ'লেৰে পেলে বিশ্বৰ সকলোতকৈ সফল লীগ গ'ল স্ক'ৰাৰ।[18] পেলেই মুঠ ১৩৬৩ খন খেলত ১২৮১টা গ'ল কৰিছিল যাৰ বাবে গিনিজ বিশ্ব ৰেকৰ্ডৰ তৰফৰ পৰা ফুটবলৰ সৰ্বোচ্চ কেৰিয়াৰ গ'ল দিওঁতা হিচাপে তেওঁক সন্মান জনোৱা হয়।[19] খেলুৱৈ কালত কিছু সময়ৰ বাবে পেলে পৃথিৱীৰ সৰ্বাধিক প্ৰাৰিশ্ৰমিক লাভ কৰা এথলীত আছিল।[20] ফুটবলত লাভ কৰা সফলতাৰ বাবে আৰু দুখীয়াৰ সামাজিক অৱস্থা উন্নত কৰিবলৈ তেওঁৰ সমৰ্থনৰ বাবে ব্ৰাজিলত তেওঁক ৰাষ্ট্ৰীয় নায়কৰূপে গণ্য কৰা হয়।[21] ১৯৬১ চনত ৰাষ্ট্ৰপতি জেনিঅ' কোৱাড্ৰ'ছে পেলেক "ৰাষ্ট্ৰীয় সম্পদ" বুলি ঘোষণা কৰিছিল।[22]
কেৰিয়াৰৰ সময়ছোৱাত পেলে "ক'লা মুকুতা" (The Black Pearl/Pérola Negra), "ফুটবলৰ ৰজা" (The King of Football/O Rei do Futebol), "ৰজা পেলে" (The King Pelé/O Rei Pelé) বা "ৰজা" (O Rei) নামেৰে প্ৰসিদ্ধ আছিল।[23]
পেলেই ছেণ্ট'ছ ক্লাবৰ হৈ ১৫ বছৰ আৰু ব্ৰাজিল ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ১৬ বছৰ বয়সত খেলা আৰম্ভ কৰে। তেওঁ ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত তিনিটা ফিফা বিশ্বকাপ লাভ কৰিছিল। এনে সফলতা পোৱা তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ। জাতীয় দলৰ তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ গ'লস্ক'ৰাৰো।[24] ছেণ্ট'ছ দলৰ হৈও তেওঁ অভিলেখ সংখ্যক গ'ল দিছিল আৰু ১৯৬২ আৰু ১৯৬৩ দলটোৱে ক'পা লিবাৰ্টাড'ৰ্ছ খিতাপ দখলত সহায় কৰিছিল।[25] পেলেৰ তড়িৎ গতিৰ খেল আৰু দৃষ্টিনন্দন গ'লে তেওঁক পৃথিৱীৰ সকলো ঠাইতে তাৰকা কৰি তুলিছিল। তেওঁৰ জনপ্ৰিয়তাৰ সুযোগ লৈ ছেণ্ট'ছ দলে প্ৰায়েই আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰি বিভিন্ন খেলত অংশ লৈছিল।[26]
১৯৭৭ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত পেলেই বিশ্বজুৰি ফুটবলৰ ৰাজ-দূত (ambassador) হিচাপে কাম কৰিছিল আৰু বিভিন্ন অভিনয় আৰু বাণিজ্যিক কামত হাত দিছিল। ২০১০ চনত তেওঁক নিউ য়ৰ্ক ক'ছম'ছ দলৰ সন্মানীয় সভাপতি নিৰ্বাচিত কৰা হয়।[27]