পুৰী
From Wikipedia, the free encyclopedia
পুৰী( listen (সহায়·তথ্য)) হৈছে ভাৰতৰ উৰিষ্যাৰ এখন লেখতলবলগীয়া চহৰ । ই পুৰী জিলাৰ সদৰ ঠাই । বংগোপসাগৰৰ পাৰৰ এই ঠাইডোখৰ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা ৬০ কিঃ মিঃ দক্ষিণে অৱস্থিত । ১১শ শতিকাত নিৰ্মিত 'জগন্নাথ মন্দিৰৰ' পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায় । হিন্দু সকলৰ পুণ্য তীৰ্থৰ চাৰি ধামৰ অন্যতম হৈছে পুৰী; বাকী তিনি ধাম হৈছে দ্বাৰকা , বদ্ৰীনাথ আৰু ৰামেশ্বৰম । হিন্দু আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শন অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ বুলিব নোৱাৰি ।
ক্ষিপ্ৰ তথ্য পুৰী ପୁରୀ, দেশ ...
পুৰী ପୁରୀ |
|
---|---|
Puri Montage1.pngপুৰীৰ মনোমোহা দৃশ্যাংশ | |
ভৌগোলিক স্থানাংক: 19°48′38″N 85°49′53″E | |
দেশ | ![]() |
ৰাজ্য | উৰিষ্যা |
জিলা | পুৰী |
চৰকাৰ | |
- পৰিষদ | পুৰী পৌৰসভা |
মাটিকালি | |
- মুঠ | ১৬.৩২৬৮ কি.মি.২ (৬.৩ বৰ্গ মাইল) |
উচ্চতা | ০ মিটাৰ (০.০০ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২,০১,০২৬ জন |
- জনঘনত্ব | ১২,৩১২.৬ প্ৰতি বৰ্গ কি.মি. (৩১,৮৮৯.৬ প্ৰতি বৰ্গ মাইল) |
স্থানীয় ভাষা | |
- চৰকাৰী ভাষা | ঊড়ীয়া |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
যানবাহনৰ নম্বৰ | OD-13 |
বন্ধ কৰক