From Wikipedia, the free encyclopedia
পূণেৰী পাগুৰী (ইংৰাজী: Puneri Pagadi) মহাৰাষ্ট্ৰৰ পূণে নগৰীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা এক প্ৰকাৰৰ পাগুৰী।[1] দুই শতিকাৰ আগতে ইয়াৰ প্ৰচলন আৰম্ভ হৈছিল।[2] এই পাগুৰী সন্মানৰ প্ৰতীক হ'লেও আজি কালি মহাবিদ্যালয় বোৰত পাৰম্পাৰিক দিনসমূহতো ব্যৱহাৰ কৰা দেখা যায়।[3] এই পাগুৰীৰ সুকীয়া পৰিচয় ৰক্ষা কৰিবলৈ স্থানীয় লোকসকলে "ভৌগোলিক পৰিচায়ক"ৰ মৰ্যাদা দাবী কৰিছিল।[3] ২০০৯ চনৰ ৪ ছেপ্তেম্বৰত তেওঁলোকৰ বহুদিনৰ দাবী পূৰণ হ’ল আৰু এই পাগুৰী এক বৌদ্ধিক সম্পদৰূপে পৰিগণিত হ’ল।[1][3][4][5][6]
১৯ শতিকাৰ এজন সমাজ-সংঘঠক মহাদেৱ গোবিন্দ ৰাণাডে পোন-প্ৰথমে এই পাগুৰীৰ প্ৰচলন কৰিছিল। পিছলৈ কেইবাজনো বিখ্যাত নেতা লোকমান্য তিলক, জে.এছ. কৰণদিকাৰ, দি.দি. চাথে, তাতিয়াচাহেব কেলকাৰ আৰু দাত্তু বামন পটদাৰে এই পাগুৰী পিন্ধিছিল।[2] ১৯৭৩ চনৰ মাৰাঠী ভাষাৰ নাটক "ঘাচীৰাম কটৱাল"ৰ পৰা ই আৰু অধিক জনপ্ৰিয় হৈ পৰিল।[3]
এই পাগুৰী সাধাৰণতে কিছুমান বিশেষ অনুষ্ঠান যেনে বিয়া-বাৰু আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ পাৰম্পাৰিক দিৱসত ব্যৱহাৰ কৰা হয়। যুৱসকলে "গন্ধাল" কলা প্ৰদৰ্শন কৰোঁতে এই পাগুৰী মাৰে। তদুপৰি ঐতিহাসিক বোলছবি আৰু থিয়েটাৰত ইয়াক ব্যৱহাৰ কৰা হয়।[3]
১০ জনীয়া "শ্ৰী পূণেৰী পাগুৰী সংঘ"ই পূণেৰী পাগুৰীৰ "ভৌগোলিক পৰিচায়ক"ৰ মৰ্যাদা পাবলৈ ভৌগোলিক পৰিচায়ক ৰেজিষ্ট্ৰীলৈ আবেদন জনাইছিল[3] আৰু লগতে বৌদ্ধিক সম্পদৰ নীতিৰ উৎকৰ্ষৰ বাবেও আবেদন জনাইছিল।[2] পূণেৰী পাগুৰীক বিশ্ব দৰবাৰত দাঙি ধৰা, ইয়াৰ স্বকীয়তা ৰক্ষা কৰা আৰু পূণেৰী সংস্কৃতি জীয়াই ৰখা ইয়াৰ মূল উদ্দেশ্য। ২০০৯ চনৰ ৪ ছেপ্তেম্বৰত ইয়াক ভৌগোলিক পৰিচায়কৰ মৰ্যাদা দিয়াৰ লগে লগে ই পূণেৰ সাংস্কৃতিক আৰু চৰকাৰী পৰিচয় হৈ পৰিল।[1][3][4][5][6]সেইমতে পূণেৰী পাগুৰী বৌদ্ধিক সম্পদৰ অধিকাৰ লাভ কৰিলে আৰু পূণেৰ বাহিৰত পূণেৰী পাগুৰীৰ উৎপাদন তথা বিক্ৰী নিষিদ্ধ কৰা হ’ল।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.