পি ভি নৰসিংহ ৰাও
১৯৯১-ৰ পৰা ১৯৯৬-লৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল (1921-2004) From Wikipedia, the free encyclopedia
পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও (ইংৰাজী: Pamulaparti Venkata Narasimha Rao, তেলেগু: పాములపర్తి వేంకట నరసింహ రావు, ২৮ জুন ১৯২১ – ২৩ ডিচেম্বৰ ২০০৪), আইনজীৱী আৰু ৰাজনীতিবিদ, ১৯৯১-ৰ পৰা ১৯৯৬-লৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল।[1] ৰাও চৰকাৰে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্কাৰৰ বাবে পদক্ষেপ লয়। একে সময়তে চৰকাৰখন ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কেইবাটাও ঘটনাৰ সন্মুখীন হয়[2]। নিজৰ হাতত ব্যৱসায় আৰু উদ্যোগ দপ্তৰ ৰখা ৰাৱে ভাৰতৰ "লাইচেন্স ৰাজ"ৰো অৱসান ঘটায়।[3]। তেওঁক কেতিয়াবা "ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ জনক" বুলিও কোৱা হয়।[4][5]।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
![]() | এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
P. V. Narasimha Rao | |
---|---|
![]() | |
9th Prime Minister of India | |
কাৰ্যকাল 21 June 1991 – 16 May 1996 | |
ৰাষ্ট্ৰপতি | R. Venkataraman Shankar Dayal Sharma |
পূৰ্বসূৰী | Chandra Shekhar |
উত্তৰসূৰী | Atal Bihari Vajpayee |
Minister of Defence | |
কাৰ্যকাল 6 March 1993 – 16 May 1996 | |
পূৰ্বসূৰী | Sharad Pawar |
উত্তৰসূৰী | Pramod Mahajan |
কাৰ্যকাল 31 December 1984 – 25 September 1985 | |
প্ৰধানমন্ত্ৰী | Rajiv Gandhi |
পূৰ্বসূৰী | Rajiv Gandhi |
উত্তৰসূৰী | Shankarrao Chavan |
Minister of External Affairs | |
কাৰ্যকাল 31 March 1992 – 18 January 1993 | |
পূৰ্বসূৰী | Madhavsinh Solanki |
উত্তৰসূৰী | Dinesh Singh |
কাৰ্যকাল 25 June 1988 – 2 December 1989 | |
প্ৰধানমন্ত্ৰী | Rajiv Gandhi |
পূৰ্বসূৰী | Rajiv Gandhi |
উত্তৰসূৰী | V. P. Singh |
কাৰ্যকাল 14 January 1980 – 19 July 1984 | |
প্ৰধানমন্ত্ৰী | Indira Gandhi |
পূৰ্বসূৰী | Shyam Nandan Prasad Mishra |
উত্তৰসূৰী | Indira Gandhi |
Minister of Home Affairs | |
কাৰ্যকাল 12 March 1986 – 12 May 1986 | |
প্ৰধানমন্ত্ৰী | Rajiv Gandhi |
পূৰ্বসূৰী | Shankarrao Chavan |
উত্তৰসূৰী | Sardar Buta Singh |
কাৰ্যকাল 19 July 1984 – 31 December 1984 | |
প্ৰধানমন্ত্ৰী | Indira Gandhi Rajiv Gandhi |
পূৰ্বসূৰী | Prakash Chandra Sethi |
উত্তৰসূৰী | Shankarrao Chavan |
Chief Minister of Andhra Pradesh | |
কাৰ্যকাল 30 September 1971 – 10 January 1973 | |
ৰাজ্যপাল | Khandubhai Kasanji Desai |
পূৰ্বসূৰী | Kasu Brahmananda Reddy |
উত্তৰসূৰী | President's Rule |
ব্যক্তিগত তথ্য | |
জন্ম | ২৮ জুন, ১৯২১ Vangara, Hyderabad State, British India (now in Andhra Pradesh, India) |
মৃত্যু | ২৩ ডিচেম্বৰ, ২০০৪ (৮৩ বছৰ) New Delhi, Delhi, India |
ৰাষ্ট্ৰীয়তা | Indian |
ৰাজনৈতিক দল | Indian National Congress |
দাম্পত্যসঙ্গী | Satyamma Rao (d. 1970) |
শিক্ষানুষ্ঠান | Osmania University Fergusson College |
জীৱিকা | Lawyer Activist Poet |
পৰৱৰ্তী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙেও ৰাওৰ অৰ্থনৈতিক সংস্কাৰৰ নীতিসমূহক আগবঢ়াই নিয়ে। ৰাৱে ৰাজীৱ গান্ধীৰ দিনৰ সমাজবাদী নীতিসমূহ আঁতৰাই লাইচেন্স ৰাজ"ৰ অৱসানৰ গতি খৰতকীয়া কৰে। ১৯৯১ ত তেওঁ অৰ্থনৈতিকভাবে প্ৰায় ভাগি পৰা ভাৰতৰ পৰিত্ৰাণৰ বাবে ইন্টাৰনেশ্যনেল মনিটেৰী ফাণ্ডৰ নীতিসমূহৰ আধাৰত ভাৰতীয় দৃষ্টিভংগীৰ পৰা গ্ৰহণ কৰি দেশৰ এক ঐতিহাসিক অৰ্থনৈতিক সংস্কাৰৰ বাবে মনমোহন সিঙক বিত্তমন্ত্ৰী নিযুক্তি দিয়ে[3]। এক সংখ্যালঘু চৰকাৰৰ নেতা হৈও অৰ্থনৈতিক আৰু ৰাজনৈতিক আইনসমূহ সংসদত উত্থাপন আৰু অনুমোদন কৰোৱাৰ ক্ষমতাৰ বাবে তেওঁক চাণক্য আখ্যা দিয়া হয়।[6][7]
ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি এ পি জে আবুল কালামৰ মতে ৰাৱ এজন "দেশপ্ৰেমীক ৰাজনেতা যি দেশৰ স্বাৰ্থ যিকোনো ৰাজনীতি তন্ত্ৰতকৈ উৰ্ধত বুলি ভাবিছিল"। কালামে আৰু কৈছিল যে ৰাৱে ১৯৯৬ চনতে তেওঁক পাৰমাণৱিক পৰীক্ষাৰ বাবে সাজু হ'বলৈ কৈছিল যদিও ১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনত চৰকাৰ সলনি হোৱাৰ হেতুকে তেতিয়া কৰিব পৰা নগ'ল যদিও পাছৰ বাজপায়ী চৰকাৰৰ দিনত কৰা হ'ল।
ৰাওৰ সময়তে কংগ্ৰেছৰ বিকল্প হিচাবে ভাৰতীয় জনতা পাৰ্টিৰ (বি জে পি) উত্থান ঘটে। চৰকাৰখনে উত্তৰ প্ৰদেশৰ বি জে পিৰ কল্যান সিং চৰকাৰৰ সময়ত অযোধ্যাত বাবৰি মছজিদ ধ্বংসক লৈ স্বাধীনতাৰ পাছত হোৱা চৰম দুৰ্ভাগ্যজনক হিন্দু-মুছলমান সংঘৰ্ষৰো সন্মুখীন হ'ব লগা হয়[8]।
ব্যক্তিগত হিচাবে ৰাও সাহিত্য, কম্পিউটাৰ চফ্টৱেৰ আদি বিভিন্ন বিষয়ত জিজ্ঞাসু আছিল[9]। তেওঁ ১৭ টা ভাষা ক'ব পাৰিছিল[10][11]।
২০০৪ চনত হৃদযন্ত্ৰৰ মাইকৰ্ডিয়েল ইনফ্ৰেকশ্যনৰ ফলত ৰাওৰ দেহাৱসান হয়। হাইদৰাবাদত তেওঁৰ অন্তিম সংস্কাৰ কৰা হয়।[12]
তথ্যসূত্ৰ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.