পাল ৰাজবংশ (ইংৰাজী: Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল।[1] প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।[1] বংগ পাল ৰাজবংশৰ দৰেই এওঁলোকৰো প্ৰথম ৰজাজন নিৰ্বাচিত কৰা হৈছিল। বংগৰ পাল ৰাজবংশ বৌদ্ধ ধৰ্মী আছিল। আনহাতে কামৰূপ ৰাজ্য ৰাজত্ব কৰা পাল ৰাজবংশ হিন্দু আছিল।

ক্ষিপ্ৰ তথ্য
কামৰূপ ৰাজ্য
পাল ৰাজবংশ

৯৯০ খ্ৰীষ্টাব্দ–১১৩৮ খ্ৰীষ্টাব্দ
 

 

 

ৰাজধানী দুৰ্জ্জয়া (বৰ্তমানৰ গুৱাহাটী)
ধৰ্ম হিন্দু ধৰ্ম
চৰকাৰ ৰাজতন্ত্ৰ
মহাৰাজাধিৰাজাব্ৰহ্মপাল
 - ১০১০ - ১০৪০ খ্ৰীষ্টাব্দ ৰত্নপাল
 - ১০৪০ – ১০৬৫ খ্ৰীষ্টাব্দ ইন্দ্ৰপাল
 - ১০৬৫ - ১০৮০ খ্ৰীষ্টাব্দ গোপাল
 - ১০৮০ – ১০৯৫ খ্ৰীষ্টাব্দ হৰ্ষপাল
 - ১০৯৫ – ১১২০ খ্ৰীষ্টাব্দ ধৰ্মপাল
ইতিহাস
 - স্থাপিত ৯৯০ খ্ৰীষ্টাব্দ
 - পতন ১১৩৮ খ্ৰীষ্টাব্দ
Warning: Value specified for "continent" does not comply
বন্ধ কৰক

ৰজাসকল

অধিক তথ্য ক্ৰম, ৰজা ...
ক্ৰমৰজাকাৰ্য্যকাল (খ্ৰীষ্টাব্দ)
ব্ৰহ্মপাল৯৯০ - ১০১০
ৰত্নপাল১০১০ – ১০৪০
ইন্দ্ৰপাল১০৪০ - ১০৬৫
গোপাল১০৬৫ - ‍১০৮০
হৰ্ষপাল১০৮০ - ১০৯৫
ধৰ্মপাল১০৯৫ - ১১২০
জয়পাল১১২০ - ১১৩৮
বন্ধ কৰক

বৃদ্ধকালত ব্ৰহ্মপালে সন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছা অনুসৰি পুত্ৰ ৰত্নপাল কামৰূপৰ ৰজা হয়। ৰত্নপালৰ পাছত নাতিয়েক ইন্দ্ৰপাল আৰু ক্ৰমে গোপাল, হৰ্ষপাল, ধৰ্মপাল ৰজা হয়। ৰজা হৈ ধৰ্মপালে ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে।[2] ধৰ্মপালৰ পাছত তেওঁৰ পুত্ৰ জয়পাল ৰজা হয়।

পাল বংশৰ পতন

গৌড় ৰজা ৰাম পালে জয়পাল ৰজাৰ দিনত কামৰূপ ৰাজ্য আক্ৰমণ কৰে। ইয়াৰ পিছতেই কামৰূপ ৰাজ্যত পাল ৰাজবংশৰ পতন ঘটে।


তথ্য সংগ্ৰহ

গ্ৰন্থপঞ্জী

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.