পাত
From Wikipedia, the free encyclopedia
পাত (ইংৰাজী: Leaf) উদ্ভিদৰ অংগজ অংগ৷ কাণ্ডৰ গাঁঠিৰ পৰা এইবিলাক বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হয়৷ এইবিলাক দেখাত সেউজীয়া আৰু চেপেটা হয়৷ কাণ্ড বা শাখা-প্ৰশাখাৰ গাঁঠিৰ পৰা বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হোৱা বহল, চেপেটা, পাৰ্শ্বীয় অংগজ অংগটোক পাত বোলে৷ সাধাৰণতে পাত কাণ্ড বা শাখা-প্ৰশাখাৰ ওপৰত অগ্ৰোমুখভাৱে (acropetally) সজ্জিত হৈ থাকে আৰু এইবিলাকৰ কক্ষত এক বা একাধিক মুকুল থাকে৷ সেউজীয়া হোৱাত এইবিলাকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰিব পাৰে৷ সালোকসংশ্লেষণৰ বাহিৰেও আৰু প্ৰস্বেদন বিভিন্ন গেছীয় পদাৰ্থৰ আদান-প্ৰদান পাতৰ মাধ্যমত হয়৷[1]৷