পলাশীৰ যুদ্ধ
From Wikipedia, the free encyclopedia
পলাশীৰ যুদ্ধ আছিল বংগৰ নৱাব আৰু তেওঁৰ ফ্ৰান্স[2] মিত্ৰ সকলৰ বিৰুদ্ধে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক সিদ্ধান্তকাৰী বিজয় যিয়ে বংগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সূচনা কৰে আৰু পৰবৰ্তী কেইবা শতক জুৰি ভাৰতত কোম্পানীৰ শাসনৰ প্ৰসাৰ ঘটাই। এই যুদ্ধ সংঘটিত হৈছিল ১৭৫৭ চনৰ ২৩ জুন তাৰিখে, কলিকতা চহৰৰ উত্তৰে ১৫০ কিল'মিটাৰ দুৰৰ আৰু মুৰ্ছিদাবাদৰ(তেতিয়াৰ বংগৰ ৰাজধানী, এতিয়া পশ্চিম বংগৰ নদিয়া জিলা) দক্ষিণত হুগলি নদীৰ পাৰৰ পলাশী নামৰ ঠাইত। এই যুঁজৰ প্ৰধান অংশীদাৰ আছিল বংগৰ অন্তিম স্বাধীন নৱাব চিৰাজ উদ্ দৌলা আৰু বিপক্ষে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। ১৭৫৬ চনত আলিৱাৰ্দি খানৰভ মৃত্যুৰ পিছত চিৰাজ উদ্ দৌলা বংগৰ নৱাব হয়। তেওঁ ইংৰাজক দুৰ্গ নিৰ্মাণৰ কাৰ্য্যত বাধা প্ৰদান কৰে। ৰবাৰ্ট ক্লাইভ-এ নৱাবৰ সেনা প্ৰধান মীৰ জাফৰক ষড়যন্ত্ৰ কৰি নিজৰ ফলিয়া কৰি লয় আৰু বংগ আক্ৰমণ কৰে। ৰবাৰ্ট ক্লাইভয়ে এই যুঁজত নৱাবক হৰুৱাই বংগ দখল কৰে।
পলাশীৰ যুদ্ধ | |||||||||
---|---|---|---|---|---|---|---|---|---|
লৰ্ড ক্লাইভ আৰু মীৰ জাফৰ পলাশীৰ যুদ্ধৰ পিছত, তৈলচিত্ৰ ফ্ৰানচিছ হেইম্যান, অনুমাণিক ১৭৬২) |
|||||||||
|
|||||||||
যুজাৰু | |||||||||
Great Britain গ্ৰেট ব্ৰিটেইন
| বংগৰ নৱাব ফ্ৰান্স |
||||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||||
কৰ্নেল ৰবাৰ্ট ক্লাইভ
| চিৰাজ উদ্ দৌলা
|
||||||||
সৈন্য শক্তি | |||||||||
৭৫০ ইউৰোপীয়ান সৈন্যs ১০০ ট'পাজ সৈন্য ২,১০০ ভাৰতীয় চিপাহী ১০০ হিলৈদাৰী সৈন্য ৮ টোপ (ছয়টা ৬-পাউণ্ডৰ আৰু ২টা হ'ৱিটজাৰ) | ৭,০০০ পদাতিক ৫,০০০ অশ্বৰোহী চিৰাজ উদ্ দৌলাৰ ৩৫,০০০ পদাতিক ১৫,০০০ অশ্বৰোহী মীৰ জাফৰৰ ৫৩ ফিল্ড আৰ্টিলেৰী (বেছিভাগ ৩২, ২৪ and ১৮-পাউণ্ডৰ) ৫০ ফ্ৰান্স হিলৈদাৰী সৈন্য (৬ ফিল্ড আৰ্টিলেৰী) সৰ্বমুঠ প্ৰায় ৬২,০০০ |
||||||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||||||
২২ নিহত (৫ ইউৰোপীয়ান, ১৩ ভাৰতীয়) ৫০ জখমী (১৫ ইউৰোপীয়ান আৰু ৩০ ভাৰতীয়)[1] | ৫০০ নিহত আৰু জখমী |
এই যুদ্ধৰ আৰম্ভ হৈছিল নৱাব চিৰাজ উদ্ দৌলাৰ ব্ৰিটিছ অধ্যুষিত বংগৰ আক্ৰমণ আৰু ব্লেক হ'ল ঘটনাৰ পিছত। এই ঘটনাৰ পিছত বংগ পুনৰ দখল কৰিবলৈ কৰ্নেল ৰবাৰ্ট ক্লাইভ আৰু এডমিৰেল ছাৰ্লচ ৱাটচন ৰ অধীনত ব্ৰিটিছে মাদ্ৰাছৰ পৰা সৈন্য পঠায়। এই যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে যুঁজিবলৈ নৱাব চিৰাজ উদ্ দৌলাক ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা সৰু সৈন্যদল দি সহায় কৰিছিল। নৱাবৰ সৈন্য শক্তি ব্ৰিটিছৰ তুলনাত বৃহৎ আছিল বাবে ব্ৰিটিছ সকলে নৱাবৰ পদোনতি হোৱা সেনাপ্ৰধান মীৰ জাফৰ আৰু অনান্য সকল যেনে য়াৰ লুতফুল খান, জগত শেঠ, অমিচান্দ, ৰায় দুৰ্লভ আদিৰ সৈতে ষড়যন্ত্ৰ কৰে। যুদ্ধক্ষেত্ৰত মীৰ জাফৰ, য়াৰ লুতফুল খান আৰু ৰায় দুৰ্লভে নিজৰ নিজৰ সৈন্য লৈ অংশ লয় যদিও সৈন্য চালনাৰ পৰা বিৰত থাকে, ফলত চিৰাজ উদ্ দৌলাৰ সৈন্য ৰবাৰ্ট ক্লাইভৰ প্ৰায় ৩,০০০ সৈন্যৰ হাতত পৰাস্ত হয় আৰু নৱাব যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।
পলাশীৰ যুদ্ধক দক্ষিণ এছিয়াত ঔপনিবেশিক শক্তিৰ এক উল্লেখযোগ্য বিজয় হিচাপে গণ্য কৰা হয়। ইয়াৰ পিছত ব্ৰিটিছে নৱাবৰ ওপৰত বিস্তৰ প্ৰভাৱ আৰু পৰ্যায়ক্ৰমে বৃহৎ পৰিমাণৰ ব্যৱসায় বিস্তাৰ আৰু ৰাজহ আদায় কৰিবলৈ সক্ষম হয়, এই ৰাজহ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্য শক্তি বৃদ্ধি আৰু দক্ষিণ এছিয়াৰ পৰা আন ঔপনিবেশিক শক্তি সমূহক যেনে ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ডাট্চ্ ইষ্ট ইণ্ডিয়া কোম্পানী আদিক আঁতৰাই এছি্যাত ব্ৰিটিছ সাম্ৰাজ্যৰ বিস্তাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।