নিৰ্মলা যোশী
From Wikipedia, the free encyclopedia
মাৰিয়া নিৰ্মলা যোশী (ইংৰাজী: Nirmala Joshi, ২৩ জুলাই ১৯৩৪ - ২৩ জুন ২০১৫) জনপ্ৰিয় ভাবে চিষ্টাৰ নিৰ্মলা এগৰাকী ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ আছিল। তেওঁ নোবেল বঁটা বিজয়ী মাদাৰ টেৰেছায়ে স্থাপন কৰা মিছনাৰীজ অফ চেৰিটিৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল। তেওঁ এই দায়িত্বভাৰ সফলতাৰে গ্ৰহণ কৰি বিদেশত তেওঁলোকৰ উপস্থিতি আৰু মিছন সম্প্ৰসাৰিত কৰিছিল।[1][2] ১৯৯৭ চনত মাদাৰ টেৰেছাৰ মৃত্যুৰ পিছত এই পদ লাভ কৰাৰ পিছত নিৰ্মলাই আফগানিস্তান, ইজৰাইল আৰু থাইলেণ্ডৰ দৰে দেশত কেন্দ্ৰ মুকলি কৰি সংগঠনটোৰ ১৩৪খন দেশলৈ প্ৰসাৰিত কৰিছিল। ভাৰত চৰকাৰে সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৯ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰিছিল।
ক্ষিপ্ৰ তথ্য নিৰ্মলা যোশী, জন্ম ...
নিৰ্মলা যোশী | |||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
জন্ম | ২৩ জুলাই, ১৯৩৪ ৰাঁচী, বিহাৰ এণ্ড উৰিষ্যা প্ৰভিন্স, ব্ৰিটিছ ভাৰত | ||||||||||||||||||||
মৃত্যু | ২৩ জুন, ২০১৫ (৮০ বছৰ) কলকাতা, পশ্চিম বংগ, ভাৰত | ||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||||
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় | ||||||||||||||||||||
পদবী | মিছনেৰীজ অফ চেৰিটিৰ চুপিৰিয়ৰ জেনেৰেল | ||||||||||||||||||||
পূৰ্বসূৰী | মাদাৰ টেৰেছা | ||||||||||||||||||||
উত্তৰসূৰী | মেৰী প্ৰেমা পিয়েৰীক | ||||||||||||||||||||
ধৰ্ম | কেথলিক | ||||||||||||||||||||
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মবিভূষণ, ২০০৯ | ||||||||||||||||||||
|
বন্ধ কৰক