নিপন গোস্বামী
ভাৰতীয় অভিনেতা / From Wikipedia, the free encyclopedia
নিপন গোস্বামী (ইংৰাজী: Nipon Goswami, ১৯৪২—২০২২) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু নাট্যভিনেতা আছিল। মঞ্চত অভিনয় জীৱন আৰম্ভ কৰি তেখেতে পাছলৈ চিনেমাত নায়কৰ অভিনয় কৰিবলৈ লয়। অসমীয়া চলচ্চিত্ৰৰ মুষ্টিমেয় তাৰকা অভিনেতাসকলৰ মাজত নিপন গোস্বামী অন্যতম। তেখেতে টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট পৰিচালনাও কৰিছে। গোস্বামীয়ে প্ৰায় ৫০খন অসমীয়া ছবিত কাম কৰিছে। তেখেতে ৭খন হিন্দী ছবিৰ লগতে দুখনমান বঙালী ছবিত অভিনয় কৰিছে। ২৭ অক্টোবৰ, ২০২২-ৰ দিনা হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত তেখেতৰ মৃত্যু হয় ৷[2][3]
ক্ষিপ্ৰ তথ্য নিপন গোস্বামী, জন্ম ...
নিপন গোস্বামী | |
---|---|
জন্ম | নিপন গোস্বামী ০২ ছেপ্টেম্বৰ, ১৯৪২[1] ক’লিবাৰী, তেজপুৰ, অসম, ভাৰত |
মৃত্যু | ২৭ অক্টোবৰ, ২০২২ (৮০ বছৰ) গুৱাহাটী |
পেচা | অভিনেতা, পৰিচালক, গায়ক |
সক্ৰিয় হৈ থকা সময় | ১৯৬৮—২০২২ |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
বন্ধ কৰক
২০২১ বৰ্ষত নিপন গোস্বামীক ‘ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা’ৰে সন্মানিত কৰা হয় ৷[4] তেখেত পুনে ফিল্ম ইনষ্টিটিউটৰ ষাঠিৰ দশকৰে স্নাতক আছিল।