নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷[2] জিলাখনৰ সদৰ ঠাই নামচাই৷

ক্ষিপ্ৰ তথ্য নামচাই জিলা, দেশ ...
নামচাই জিলা
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ২৫ নৱেম্বৰ ২০১৪ (2014-11-25)
সদৰ নামচাই
চৰকাৰ
  লোকসভা সমষ্টি অৰুণাচল পূব
  বিধানসভা সমষ্টি ৩টা (চৌখাম, নামচাই, লেকাং)
কালি
  মুঠ 1,587 km2 (613 sq mi)
জনসংখ্যা
 (2011)[1]
  মুঠ 95,950
  ঘনত্ব 60/km2 (160/sq mi)
বন্ধ কৰক

ইতিহাস

২০১৩ চনৰ ২১ মাৰ্চত নবাম টুকীৰ অধীনৰ চৰকাৰে নামচাই জিলা সৃষ্টিৰ প্ৰস্তাৱত সন্মতি জনায়৷[3] ২০১৪ চনৰ ২৫ নৱেম্বৰত লোহিত জিলাৰ একাংশ পৃথক কৰি নামচাই জিলা গঠন কৰা হয়৷[2]

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি নামচাই জিলাৰ জনসংখ্যা ৯৫,৯৫০ জন৷[1] জিলাখনৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬০.৫ জন৷[1] নামচাই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮৪.৪৯ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৫৪.২৪%।[1]

পৰ্য্যটন

Thumb
নামচাইৰ সোণালী পেগোডা
সোণালী পেগোডা

নামচাইত অৱস্থিত সোণালী পেগোডাটো পৰ্য্যটনৰ অন্যতম আকৰ্ষণ৷[4][5] স্থানীয় তাই-খামটি ভাষাত ইয়াক 'কংমু খাম' ('Kongmu Kham') বুলি জনা যায়৷ এই সোণালী পেগোডা উত্তৰ-পূব ভাৰতৰ বৃহত্তম বৌদ্ধ বিহাৰ সমূহৰ এটা৷

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.