নাগপুৰী ভাষা
From Wikipedia, the free encyclopedia
নাগপুৰী বা সাদৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ ভাৰতৰ ঝাৰখণ্ড, ছত্তীশগঢ়, উৰিষ্যা আৰু বিহাৰ ৰাজ্যত কোৱা হয়। ই ঘাইকৈ ছোটা নাগপুৰ অঞ্চলৰ পশ্চিম আৰু কেন্দ্ৰীয় ভাগত ব্যৱহৃত।[6][7] কোনো কোনোৱে এই ভাষাক ভোজপুৰীৰ উপভাষা আখ্যা দিয়ে।[8][9][10]
Nagpuri | |
---|---|
Sadri | |
Sadani | |
থলুৱা অঞ্চল | India |
অঞ্চল | West Central Chota Nagpur (Jharkhand, Chhattisgarh, Odisha and Bihar) |
জাতীয়তা | Nagpuria |
স্থানীয় ভাষিক |
সাঁচ:Sigfig million (2011 census)[1][2][3] L2 speakers: সাঁচ:Sigfig million (2007) |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Devanagari Kaithi (historical) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভাৰত |
ভাষা সংকেত | |
ISO 639-3 | Either: sck – Sadri sdr – Oraon Sadri |
Nagpuri-speaking region in India |
এই ভাষা ছোটা নাগপুৰ অঞ্চলৰ সদন নামৰ এটি ভাৰতিয়-আৰ্য জনগোষ্ঠীৰ থলুৱা ভাষা।[7] তাৰ উপৰিও ই এক সংযোগী ভাষা হিচাপে কুৰুখৰ দৰে দ্ৰাৱিড় আৰু খৰিয়া আৰু মুণ্ডাৰ দৰে অষ্ট্ৰ'এছিয়াটিক গণগোষ্ঠীসমূহে ব্যৱহাৰ কৰে। সেই জনগোষ্ঠীসমূহৰ কোনো কোনোৱে নাগপুৰীক নিজৰ মাতৃভাষা হিচাপেও গ্ৰহণ কৰিছে।[7] ব্ৰিটিছ ৰাজৰ সময়ত অসম, পশ্চিমবংগ আৰু বাংলাদেশলৈ বহুতো ছোটা নাগপুৰৰ লোকক লৈ যোৱা হৈছিল চাহ বাগানত কাম কৰিবলৈ। তেনে চাহ বাগানবোৰতো নাগপুৰীৰ এটি ৰূপ সংযোগী ভাষা হিচাপে প্ৰায় ব্যৱহাৰ কৰা হয়।[7] অসমৰ চাহ বাগান সমূহক সেই ভাষা ৰূপক বাগানীয়া বোলা হয়: বাগানীয়া নাগপুৰীৰ ওপৰত অসমীয়া ভাষাৰ প্ৰভাৱ পৰি গঢ় লৈ উঠিছে।[11] ২০১১ চনৰ ভাৰতীয় লোকপিয়লৰ মতে, প্ৰায় ৫১ লাখ লোকে এই ভাষাক মাতৃভাষা জ্ঞান কৰে। তদুপৰি ২০০৭ চনৰ এক গৱেষণা অনুযায়ী, ৭০ লাখ লোকে এই ভাষা দ্বিতীয় ভাষা হিচাপে কয়।
নাগপুৰী আছিল নাগবংশী ৰাজবংশৰ ৰাজভাষা আৰু ব্ৰিটিছ শাসন আৰম্ভ হোৱালৈকে ছোটা নাগপুৰ অঞ্চলৰ আনুষ্ঠানিক ভাষা। এই ভাষাত লিখা সাহিত্যৰ প্ৰমাণ পোৱা যায় সপ্তদশ শতিকাৰ পৰা। ১৯০৩ চনত প্ৰকাশিত জৰ্জ আব্ৰাহম গ্ৰিয়েৰ্ছনৰ গ্ৰন্থ "লিংগুইষ্টিক চাৰ্ভে' অৱ ইণ্ডিয়া"ত নাগপুৰীক ভোজপুৰীৰ উপভাষা আখ্যা দিয়া হৈছে।