নন্দ কিশোৰ মহেশ্বৰী
From Wikipedia, the free encyclopedia
নন্দ কিশোৰ মহেশ্বৰী অসমৰ এগৰাকী বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ আৰু সমাজকৰ্মী৷ নাটক, বোলছবি, সাহিত্য, সাংবাদিকতা আৰু সামাজিক কামত তেওঁৰ অৱদান উল্লেখযোগ্য৷[1][2] নন্দ কিশোৰ মহেশ্বৰীয়ে ভালেসংখ্যক নাটক, অনাতাঁৰ ধাৰাবাহিক আৰু বোলছবিত অভিনয় কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত কেইবাখনো গ্ৰন্থও ৰচনা কৰিছিল৷[1] তেওঁ উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷[2] তাৰোপৰি তেওঁ লখিমপুৰ চহৰত কেইবাটাও উল্লেখযোগ্য মন্দিৰ, নামঘৰ আৰু বিদ্যালয় নিৰ্মাণ কৰে৷ [3]