নতুন শৰাইঘাট দলং বা শৰাইঘাটৰ দ্বিতীয় দলং অসমৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী এখন এখলপীয়া পথ দলং।[1] এই দলং খন পুৰণি শৰাইঘাট দলঙৰ কাষতে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণপাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে। ইয়াৰ নিৰ্মান কাৰ্য ২০০৭ চনত আৰম্ভ হৈছিল। ইয়াৰ মুঠ দৈৰ্ঘ্য ১,৪৯৩.৫৯ মিটাৰ তথা মুঠ ব্যয় প্ৰায় ₹৪৭৫ কোটি।

ক্ষিপ্ৰ তথ্য নতুন শৰাইঘাট দলং শৰাইঘাটৰ দ্বিতীয় দলং, বহন কৰে ...
নতুন শৰাইঘাট দলং
শৰাইঘাটৰ দ্বিতীয় দলং
Thumb
নতুন শৰাইঘাট দলং(বাওঁফালে) আৰু শৰাইঘাট দলং (সোঁফালে)
নতুন শৰাইঘাট দলংখন ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণ কৰা হৈছে
বহন কৰে গাড়ী-মটৰ
স্থানীয় পাণ্ডুআমিনগাঁও, অসম, ভাৰত
তদাৰক সংস্থা পথ পৰিবহণ আৰু ৰাজমাৰ্গ মন্ত্ৰণালয়, ভাৰত চৰকাৰ
ডিজাইন বিম ব্ৰীডজ্
মুঠ দৈৰ্ঘ্য ১.৪৯ কিঃমিঃ (০.৯৩ মাইল)
প্ৰস্থ ১২.৯ মিটাৰ (৪২ ফুট
নিৰ্মাণ আৰম্ভ হয় ২০০৭
নিৰ্মাণ শেষ হয় ২০১৬
মুকলি ২৮ জানুৱাৰী ২০১৭
বন্ধ কৰক

তিনি লেন যুক্ত এই দলং ২০১৭ চনৰ ২৮ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাজমাৰ্গ মন্ত্ৰী নিতিন গাডকাৰীয়ে চৰকাৰী ভাবে উদ্বোধন কৰে। উদ্বোধন কাৰ্যসূচীত কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, অসম চৰকাৰৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত আছিল।[2]

তথ্য উৎস

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.