ভাৰতীয় নেপথ্য কণ্ঠশিল্পী From Wikipedia, the free encyclopedia
নচিকেতা চক্ৰৱৰ্তী (ইংৰাজী: Nachiketa Chakraborty) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সংগীতকাৰ, সুৰকাৰ, গীতিকাৰ আৰু নেপথ্য কণ্ঠশিল্পী, যাক চমুকৈ নচিকেতা নামেৰে জনা যায়। নচিকেতা আধুনিক বাংলা গীতৰ বাবে জনাজাত। তেওঁ ১৯৯০ ৰ দশকৰ আৰম্ভণিতে তেওঁৰ প্ৰথম এলবাম “এই বেশ ভালো আছি” মুক্তিৰ পাছত জনপ্ৰিয়তা অৰ্জন কৰে।[1]
নচিকেতা চক্ৰৱৰ্তী | |
---|---|
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | নচিকেতা চক্ৰৱৰ্তী |
আন নাম | নচি |
জন্ম | ০১ ছেপ্টেম্বৰ, ১৯৬৪ (৫৯ বছৰ) মুক্তাৰাম বাবু ষ্ট্ৰীট, কলকাতা, ভাৰত |
সংগীতৰ প্ৰকাৰ | Urban Folk, ভাৰতীয় শাস্ত্ৰীয় সংগীত, নচিকেতা মিউজিক |
পেচা |
|
বাদ্যযন্ত্ৰ | কণ্ঠ, হাৰমনিয়াম, গীটাৰ |
কাৰ্যকাল | ১৯৯০–বৰ্তমান |
ৰেকৰ্ড লেবেল | এইচএমভি |
ৱেবছাইট | www |
নচিকেতাৰ জন্ম হয় ১৯৬৪ চনৰ ১ চেপ্তেম্বৰ (বিঃদ্ৰঃ তেওঁৰ প্ৰমাণপত্ৰ অনুযায়ী ১ চেপ্তেম্বৰ, ১৯৬৫) -ত কলকাতাৰ মুক্তাৰাম বাবু ষ্ট্ৰীটত। তেওঁৰ পিতৃৰ নাম শাখা ৰঞ্জন চক্ৰৱৰ্তী।[2] তেওঁৰ পৈতৃক পৰিবাৰ আছিল বাংলাদেশৰ বৰিশালৰ পিৰোজপুৰ জিলাৰ ভাণ্ডাৰিয়া উপজিলাত, তেওঁৰ ককা ললিত মোহন চক্ৰৱৰ্তী ১৯৪৬ চনৰ আগতে ভাৰতলৈ আহিছিল।[3] তেওঁ উত্তৰ কলকাতাৰ শ্যামবজাৰৰ মহাৰাজ মনিন্দ্ৰ চন্দ্ৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়চোৱাত গীত ৰচনা আৰু লাইভ পৰিৱেশন কৰা আৰম্ভ কৰিছিল।[4] ১৯৯৩ চনত তেওঁৰ প্ৰথম এলবাম ‘এই বেশ ভালো আছি’ মুক্তিৰ পিছত খুব জনপ্ৰিয় হৈ পৰে৷ তেওঁ বঙালী গীতৰ পুৰণি ধাৰা সলনি কৰিছিল৷ তেওঁ বৰ্তমান কলকাতাৰ তথা যুৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ৷
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.