অভিনেতা, পৰিচালক From Wikipedia, the free encyclopedia
ধীৰু ভূঞা (ইংৰাজী: Dhiru Bhuyan) আছিল অসমৰ এজন থিয়েটাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৪২ চনত গুৱাহাটীৰ উজান বজাৰত তেওঁৰ জন্ম হৈছিল।
ধীৰু ভূঞা Dhiru Bhuyan | |
---|---|
ৰতনলাল চলচ্চিত্ৰত অভিনয় কৰা মূহুৰ্তত ধীৰু ভূঞা | |
জন্ম | ১৯৪২ উজান বজাৰ, গুৱাহাটী, অসম |
মৃত্যু | ৩ চেপ্তেম্বৰ,১৯৯৯ চনত। |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেতা, চলচ্চিত্ৰ পৰিচালক |
দাম্পত্যসঙ্গী | ৰীতা ভূঞা |
সন্তান | সত্যকী ডি.কম ভূঞা, কণকী ভূঞা |
তেওঁৰ পৰিচালনা কৰা প্ৰথম ৰাগিনী (১৯৮৭) চলচ্চিত্ৰই ১৯৮৭ চনৰ ৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে।[1][2] এইখন তেওঁৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰ। ইয়াৰ উপৰিও তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ গুৱাহাটী কেন্দ্ৰৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। তেওঁৰ ৰেডিঅ’ নাটকসমূহৰ ভিতৰত "ফুল আৰু কাঁইট", "বৰুৱাৰ সংসাৰ", "সিঁচা পুখুৰীৰ মাছ", শৃংগাৰ শ", “বৃহন্নলাৰ মুক্তি” ইত্যাদি অন্যতম।[3][4]
চৈয়দ আব্দুল মালিকৰ এটা কাহিনীৰ আধাৰত নিৰ্মিত আৰু তেওঁৰ দ্বাৰা প্ৰযোজিত “কাঠফুলা” নামৰ নাটকখন, অল ইণ্ডিয়া ৰেডিঅ’ৰ ৰাষ্ট্ৰীয় নাটক কাৰ্যসূচীত দুবাৰকৈ প্ৰদৰ্শিত হৈছিল আৰু দেশৰ সকলোবোৰ আঞ্চলিক ভাষাতে সম্প্ৰচাৰিত হৈছিল।
“বিৰূপ পৰিস্থিতি আৰু যন্ত্ৰণাকো নেওচি এজনী গাভৰু ছোৱালীৰ সাহস আৰু আশাবাদক চিত্ৰিত কৰা” প্ৰথম ৰাগিনী ছবিয়ে ১৯৮৭ চনৰ ৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে। এই বঁটাত পৰিচালক ধীৰু ভূঞালৈ ৰজত কমলৰ সৈতে নগদ দহ হাজাৰ টকা আগবঢ়োৱা হয়।[1][5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.