ভাৰতৰ ইংৰাজী ভাষাৰ দৈনিক বাতৰি কাকত From Wikipedia, the free encyclopedia
দ্য হিন্দু হৈছে দ্য হিন্দু গ্ৰুপৰ মালিকানাধীন এখন ইংৰাজী ভাষাৰ ভাৰতীয় দৈনিক কাকত। ইয়াৰ মুখ্য কাৰ্যালয় তামিলনাডুৰ চেন্নাইত অৱস্থিত। ১৮৭৮ চনত ই সাপ্তাহিক হিচাপে আৰম্ভ হয়, আৰু ১৮৮৯ চনৰ পৰা দৈনিক কাকত হিচাপে প্ৰচলন আৰম্ভ হয়।[2] ই অভিলেখ গঢ়া ভাৰতীয় কাকতসমূহৰ ভিতৰত অন্যতম,[3][4] আৰু দ্য টাইমছ অৱ ইণ্ডিয়াৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বাধিক প্ৰচাৰিত ইংৰাজী ভাষাৰ বাতৰি কাকত। ২০১৮ চনৰ মাৰ্চ মাহলৈকে ভাৰতৰ ১১খন ৰাজ্যৰ ২১খন ঠাইৰ পৰা দ্য হিন্দু প্ৰকাশ পাইছে।
প্ৰকাৰ | দৈনিক কাকত |
---|---|
ফৰমেট | বহল পৃষ্ঠা |
গৰাকী |
|
প্ৰতিষ্ঠাপক | জি সুব্ৰমণিয়া আয়াৰ |
প্ৰকাশক | এন ৰবি |
সম্পাদক | সুৰেশ নামবাথ |
প্ৰতিষ্ঠা | ২০ ছেপ্টেম্বৰ ১৮৭৮ |
ভাষা | |
মুখ্য কাৰ্যালয় | চেন্নাই, তামিল নাডু, ভাৰত |
চাৰ্কোলেচন | ১,৪১৫,৭৯২ (দৈনিক)[1] |
ISSN | 0971-751X |
OCLC নম্বৰ | 13119119 |
ৱেবছাইট | thehindu.com |
১৯০৫ চনত এছ কস্তুৰী ৰংগ আয়েংগাৰে দ্য হিন্দুক মূল প্ৰতিষ্ঠাপকসকলৰ পৰা ক্ৰয় কৰাৰ পাছৰে পৰা ই এখন পৰিয়াল-চালিত কাকত হিচাপে পৰিগণিত হৈ আহিছে। এতিয়া আয়েংগাৰৰ বংশধৰসকলৰ হাতত যৌথভাৱে ইয়াৰ মালিকীস্বত্ব আছে। "কস্তুৰী পৰিয়াল" বুলি পৰিচিত আয়েংগাৰৰ বংশধৰসকলে কোম্পানীটোৰ পৰিচালক হিচাপে কাম কৰে। এই গোটটোৰ বৰ্তমানৰ অধ্যক্ষ হৈছে আয়েংগাৰৰ প্ৰপৌত্ৰী মালিনী পাৰ্থসাৰথি।[5] এছ. ৱৰদৰাজনে কাকতখনৰ সম্পাদনাৰ দায়িত্ব লোৱা প্ৰায় দুটা বছৰ বাদ দিলে আন সকলো সময়ত কাকতখনৰ সম্পাদকীয় পদবোৰ পৰিয়ালৰ সদস্যৰ হাতত আছিল বা তেওঁলোকৰ নিৰ্দেশনাত চলিছিল।[6]
১৮৭৮ চনৰ ২০ ছেপ্টেম্বৰত মাদ্ৰাজত চাৰিজন আইন ছাত্ৰ আৰু দুজন শিক্ষকৰে গঠিত ট্ৰিপ্লিকেন ছিক্স নামেৰে জনাজাত এটা গোটৰ যোগেৰে এখন সাপ্তাহিক কাকত হিচাপে দ্য হিন্দুৱে প্ৰতিষ্ঠা লাভ কৰিছিল। সেই ছাত্ৰকেইজন আছিল- টি.টি. ৰংগাচাৰ্য্য, পি. ভি. ৰংগাচাৰ্য্য, ডি. কেশৱ ৰাও পণ্টুলু, এন. চুব্বাৰাও পণ্টুলু, আৰু তেওঁলোকক নেতৃত্ব দিছিল জি. সুব্ৰমনিয়া আয়াৰ (তাঞ্জোৰ জিলাৰ এগৰাকী বিদ্যালয়ৰ শিক্ষক) আৰু পাচাইয়াপ্পা মহাবিদ্যালয়ৰ প্ৰবক্তা এম. বীৰাৰাঘৱচাৰ্য্যই।[7] মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ পদৰ বাবে ছাৰ টি মুথুস্বামী আয়াৰৰ প্ৰচাৰ অভিযানক সমৰ্থন কৰাৰ বাবে আৰু এংলো-ইণ্ডিয়ান প্ৰেছে তেওঁৰ বিৰুদ্ধে চলোৱা প্ৰচাৰক প্ৰতিহত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা দ্য হিন্দু আছিল ব্ৰিটিছ ৰাজৰ নীতিসমূহৰ প্ৰতিবাদৰ বাবে স্থাপিত সেই সময়ৰ অন্যতম কাকত। উদ্বোধনী সংখ্যাৰ প্ৰায় ১০০ কপি জৰ্জটাউনৰ শ্ৰীনিধি প্ৰেছত ঋণ লোৱা এটা টকা আৰু বাৰ অনা ধনেৰে ছপা কৰা হৈছিল। সুব্ৰমণিয়া আয়াৰ কাকতখনৰ প্ৰথম সম্পাদক আৰু বীৰ ৰাঘৱাচাৰ্য্য প্ৰথম পৰিচালন সঞ্চালক হৈছিল।
প্ৰথমতে শ্ৰীনিধি প্ৰেছৰ পৰা এই কাগজখন ছপা কৰা হৈছিল যদিও পিছলৈ স্কটিছ প্ৰেছলৈ স্থানান্তৰ কৰা হয়। তাৰ পিছত পুনৰ মাইলাপ'ৰৰ দ্য হিন্দু প্ৰেছলৈ স্থানান্তৰ কৰা হয়। সাপ্তাহিক কাকত হিচাপে আৰম্ভ হোৱা এই কাকতখন ১৮৮৩ চনত ত্ৰি-সাপ্তাহিক, আৰু ১৮৮৯ চনত সন্ধিয়া প্ৰকাশিত দৈনিক কাকত হৈ পৰে।কাকতখনৰ এটা কপিৰ মূল্য আছিল চাৰি অনা। ১৮৮৩ চনৰ ৩ ডিচেম্বৰত কাৰ্যালয়সমূহ ১০০ মাউণ্ট ৰোডৰ ভাড়াতীয়া চৌহদলৈ স্থানান্তৰ কৰা হয়। ৰাজহুৱা গ্ৰাহক সেৱা আৰম্ভ হোৱা নাছিল বাবে ঋণ লোৱা মূলধনেৰে স্থাপন কৰা "দ্য নেচনেল প্ৰেছ" নামৰ নিজা ছপাশালত কাকতখনৰ ছপা আৰম্ভ হৈছিল। ১৮৯২ চনত এই ভৱনটো দ্য হিন্দুৰ নিজা হৈ পৰিছিল, যেতিয়া ভিজিয়ানাগৰমৰ মহাৰাজ পুছাপতি আনন্দ গজাপতি ৰাজুৱে দ্য নেচনেল প্ৰেছক এই ভৱনটোৰ বাবে আৰু প্ৰয়োজনীয় সম্প্ৰসাৰণৰ বাবে ঋণ যোগান ধৰিছিল। ১৮৮৭ চনত যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন মাদ্ৰাজত অনুষ্ঠিত হয়, তেতিয়াৰ পৰা কাকতখনত ৰাষ্ট্ৰীয় বাতৰিৰ প্ৰচাৰ যথেষ্ট বৃদ্ধি পায়। ইয়াৰ ফলত ১৮৮৯ চনৰ ১ এপ্ৰিলৰ পৰা কাকতখন এখন সন্ধিয়াৰ দৈনিক কাকত হিচাপে প্ৰচলন আৰম্ভ হৈছিল।
১৮৯৮ চনৰ অক্টোবৰ মাহত বীৰৰাঘৱচাৰিয়াৰ আৰু সুব্ৰমণিয়া আয়াৰৰ মাজত থকা অংশীদাৰিত্ব ভংগ হৈছিল। আয়াৰে কাকতখন ত্যাগ কৰিছিল আৰু বীৰৰাঘৱচাৰিয়াৰ একমাত্ৰ মালিক হৈ পৰিছিল। তেওঁ চি কৰুণাকাৰ মেননক সম্পাদক হিচাপে নিযুক্তি দিছিল। কিন্তু কুৰি শতিকাৰ আৰম্ভণিৰ পৰা দ্য হিন্দুৰ দুঃসাহসিকতা হ্ৰাস পাবলৈ ধৰিলে, আৰু ইয়াৰ প্ৰচলনো হ্ৰাস পাবলৈ ধৰিলে। ইয়াৰ প্ৰচলন সংখ্যা ৮০০ কপিলৈ হ্ৰাস পোৱাৰ সময়ত একমাত্ৰ মালিকজনে কাকতখন বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল। ক্ৰেতাজন আছিল ১৮৯৫ চনৰ দ্য হিন্দুৰ আইনী উপদেষ্টা এছ কস্তুৰী ৰংগ আয়েংগাৰ।[8] আয়েংগাৰ এজন ৰাজনৈতিকভাৱে অভিলাষী অধিবক্তা আছিল, যিয়ে কৰ্মসূত্ৰে কুম্বকোনামৰ গাঁৱৰ পৰা কইম্বাটুৰলৈ, আৰু তাৰ পৰা মাদ্ৰাজলৈ প্ৰব্ৰজন কৰিছিল। ১৯২৩ চনত আয়েংগাৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ কস্তুৰী শ্ৰীনিবাসন দ্য হিন্দুৰ পৰিচালন সম্পাদক, আৰু ১৯৩৪ চনৰ ফেব্ৰুৱাৰী মাহত মুখ্য সম্পাদক হৈছিল। কস্তুৰী ৰংগ আয়েংগাৰৰ বংশধৰ কস্তুৰী পৰিয়ালে তেতিয়াৰ পৰা কোম্পানীটোৰ মালিকীস্বত্ব নিজৰ অধীনত ৰাখিছে, আৰু কাকতখনৰ জীৱনকালৰ অধিকাংশ সময় ধৰি শীৰ্ষ সম্পাদকীয় পদসমূহত অধিস্থিত হৈ আহিছে।
যুটীয়া পৰিচালন সঞ্চালক এন মুৰালীয়ে ২০০৩ চনৰ জুলাই মাহত কৈছিল, "এয়া সঁচা যে আমাৰ পাঠকসকলে আমাৰ কিছুমান প্ৰতিবেদন আংশিক আৰু বস্তুনিষ্ঠতাৰ অভাৱ বুলি অভিযোগ কৰি আহিছে। কিন্তু ই পাঠকৰ বিশ্বাসৰ ওপৰতো নিৰ্ভৰ কৰে।"[9] ২৭ জুন ২০০৩ চনত "বাতৰি আৰু মতামতসমূহত গুণগত মান আৰু বস্তুনিষ্ঠতা ৰক্ষা আৰু শক্তিশালী কৰাৰ বাবে গাঁথনি আৰু অন্যান্য ব্যৱস্থাসমূহ উন্নত কৰা"ৰ দায়িত্বৰ সৈতে এন ৰামক মুখ্য সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ "প্ৰতিযোগিতামূলক পৰিৱেশৰ সৈতে সংগতি ৰাখি সম্পাদনা কাঠামো আৰু কাৰ্য্যসমূহ পুনৰ্গঠন কৰা"ৰ বাবে কৰ্তৃত্ব লাভ কৰিছিল।[10] ২০০৩ চনৰ ৩ আৰু ২৩ ছেপ্টেম্বৰত পাঠকৰ চিঠিৰ স্তম্ভত সম্পাদকীয় লেখাসমূহ পক্ষপাতমূলক বুলি পাঠকৰ পৰা সঁহাৰি পোৱা গৈছিল।[11][12] ২০০৩ চনৰ আগষ্ট মাহত এটা সম্পাদকীয়ত পৰ্যবেক্ষণ কৰা হৈছিল যে কাকতখন ‘সংবাদ প্ৰতিবেদন হিচাপে সম্পাদনাকৰণ’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে; আৰু এই ধাৰাটোক প্ৰতিৰোধ কৰা, পেছাদাৰী সুস্থ সীমাৰেখা পুনৰুদ্ধাৰ কৰা, আৰু কাকতখনৰ দ্বাৰা প্ৰচাৰিত সংবাদসমূহত বস্তুনিষ্ঠতা আৰু বাস্তৱতা শক্তিশালী কৰাৰ বাবে এক সংকল্প প্ৰকাশ কৰিছিল।[13]
বিগত সময়ছোৱাত কস্তুৰী ৰংগ আয়েংগাৰ পৰিয়ালে সাধাৰণতে সম্পাদনা আৰু ব্যৱসায়িক কাৰ্য্যকলাপৰ লগতে পৰিষদতো তেওঁলোকৰ উপস্থিতিৰ জৰিয়তে দ্য হিন্দু চলাই আহিছে। ১৯৬৫ চনৰ পৰা ১৯৯১ চনলৈ জি কস্তুৰী, ১৯৯১ চনৰ পৰা ২০০৩ চনলৈ এন ৰবি, আৰু ২০০৩ চনৰ ২৭ জুনৰ পৰা ২০১১ চনৰ ১৮ জানুৱাৰীলৈকে তেওঁৰ ভাতৃ এন ৰামে কাকতখনৰ মুৰব্বীৰ দায়িত্ব পালন কৰিছিল।[14]
২০১০ চনৰ তথ্যমতে, কস্তুৰী এণ্ড ছন্সৰ পৰিষদত ১২ গৰাকী পৰিচালক আছে।[15]
১৯৯৫ চনত দ্য হিন্দুৰ ৱেবছাইট মুকলি কৰা হৈছিল। দ্য হিন্দু আছিল ৱেবছাইট মুকলি কৰা ভাৰতৰ প্ৰথমখন সংবাদ পত্ৰ।[23]
২০০৯ চনৰ ১৫ আগষ্টত ১৩০ বছৰীয়া কাকতখনে ইয়াৰ পুনৰ্নিৰ্মিত ৱেবছাইটৰ বিটা সংস্কৰণ beta.thehindu.com যোগে মুকলি কৰে। ৱেবছাইটটো মুকলি কৰাৰ পিছত এইটোৱেই আছিল ইয়াৰ প্ৰথম পুনৰ নিৰ্মাণ। ২০১০ চনৰ ২৪ জুনত ৱেবছাইটটোৰ বিটা সংস্কৰণ www.thehindu.co.in ত সম্পূৰ্ণৰূপে মুকলি হয়।[24]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.